ডিজিটেল ডেস্কঃ এক জঘণ্য ঘটনাই কপাইছে শিৱসাগৰ। ৫ লম্পটে ভোজখোৱাৰ চলেৰে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে ঐতিহাসিক জিলাখনত। এই ঘটনা যোৱা ১০ অক্টোবৰতেই সংঘটিত হৈছিল।
উল্লেখ্য যে, যোৱা ১০ অক্টোবৰত জাঁজীৰ পৰা গৌৰীসাগৰ আৰক্ষীয়ে একাংশ লোকৰ খবৰ ভিত্তিত অতি মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিছিল এগৰাকী মহিলাক। ইয়াৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰিছিল।
পৰৱৰ্তী সময়ত অসুস্থ মহিলাগৰাকী সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা নিজৰ ঘৰলৈ যায় যদিও ১১ অক্টোবৰত মহিলাগৰাকী পুনৰ আহি গৌৰীসাগৰ আৰক্ষী থানাত উপস্থিত হয়। ইয়াৰ পিছতে তেওঁ ১০ অক্টোবৰত তেওঁৰ লগত সংঘটিত হোৱা জঘণ্য কাণ্ডৰ বিষয়ে সবিশেষ আৰক্ষীক অৱগত কৰাৰ লগতে অভিযোগ দাখিল কৰে।
মহিলাগৰাকীয়ে কিদৰে ৫ লম্পটে ১০ অক্টোবৰত ভোজখোৱাৰ চলেৰে লৈ গৈ ধৰ্ষণৰ দৰে জঘণ্য কাণ্ড সংঘটিত কৰিলে সেই বিষয়ে আৰক্ষীক অৱগত কৰে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি ১০ অক্টোবৰৰ নিশা ইমৰান হুছেইন ওৰফে মাইনা নামৰ যুৱকজনে মহিলাগৰাকীক জি জি এছ চাৰিআলিৰ ৰাতুল দাস নামৰ এজন লোকৰ ঘৰত ভোজখাবলৈ লৈ যায়।
ইয়াৰ পিছতে ৰাতুল দাসৰ গৃহত ইমৰান হুছেইন, ৰাতুল দাস ,অচিন্ত্য গায়ন, প্ৰশান্ত গায়ন আৰু ধীৰেন দাস ওৰফে নিগনি নামৰ যুৱককেইজনে মিলি দলবদ্ধ ধৰ্ষণ কৰে মহিলাগৰাকীক। গৌৰী সাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি দুৱৰীয়ে প্ৰকাশ কৰা অনুসৰি ভুক্তভোগী মহিলাগৰাকীৰ এই অভিযোগৰ পিছতে অভিযুক্ত ৫ জন ব্যক্তিকে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৫ লম্পটকে জেৰা অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত ১১৮/২০২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ অধীনত ৩৭৬ ডি ধাৰাত এক গোচৰ ৰুজু কৰিছে।
এ