আচৰিতঃ ভাৰতৰ ৫খন ঠাই, ভাৰতীয়ৰে প্ৰৱেশৰ অনুমতি নাই...

আচৰিতঃ ভাৰতৰ ৫খন ঠাই, ভাৰতীয়ৰে প্ৰৱেশৰ অনুমতি নাই...
Published on
Updated on

আপুনি জানেনে ভাৰতৰ এনে কেইটামান বিশেষ ঠাই আছে, য'লৈ ভাৰতীয় নাগৰিক যাব নোৱাৰে। দেশৰ চৰকাৰে এই নিষিদ্ধকৰণ আৰোপ কৰা নাই। শুনিলে আচৰিত হ'ব যে বহু জাতিক প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰতিষ্ঠিত আমাৰ দেশৰ ৫খন হোটেললৈ যাব নোৱাৰে কোনো ভাৰতীয় নাগৰিক। এই নিষিদ্ধকৰণৰ ক্ষেত্ৰত কোম্পানী কেইটাই লাভ কৰিছে চৰকাৰ অনুমতিও। কিয়নো বিশেষ কেইখনমান দেশৰ পৰা অহা পৰ্যটকৰ বাবেহে পঞ্চতাৰকা পৰ্যায়ৰ আৱাসস্থল কেইখনত ব্যৱস্থা কৰা হৈছে। সেয়ে সাৱধান! উৎকন্ঠা নিয়ন্ত্ৰণ কৰিব নোৱাৰি তাত প্ৰৱেশৰ চেষ্টা নকৰিব। কৰিলে আপুনিহে অপৰাধী হিচাপে পৰিগণিত হ'ব। আহকচোন জানো এইধৰণৰ ৫খন ঠাইৰ বিষয়ে-

ৰেড ললিপপ হোষ্টেল, চেন্নাই

তামিলনাডুৰ চেন্নাইত, ৰেড ললিপপ হোষ্টেলত "No Indian" নীতি আছে। এই হোষ্টেলটোত ভাৰতীয় পৰ্যটকসকলক সেৱা প্ৰদান কৰা নহয়। এই হোষ্টেল, এক আন্তৰ্জাতিক মানদণ্ডৰ হোটেল। এইখন কেৱল বিদেশী পৰ্যটকৰ বাবে। পৰ্যটকসকলে নিজৰ পাছপোৰ্ট দেখুৱাই প্ৰৱেশৰ অনুমতি লাভ কৰে।

উল্লেখযোগ্য যে ৰেড ললিপপ হোষ্টেলে চেন্নাইৰ একমাত্ৰ হোটেল বুলি দাবী কৰে। তেওঁলোকে কেৱল ভাৰতলৈ প্ৰথমবাৰৰ বাবে অহা দৰ্শনাৰ্থীসকলক হে সেৱা আগবঢ়ায়।

গোৱাৰ "Foreigners Only" সমুদ্ৰ তীৰ

ভাৰতত এনে বহু লোক আছে যিসকলে প্ৰতি বছৰে আজৰি সময়ত গোৱা ভ্ৰমণ কৰে। ভাৰতৰ মনোৰম গোৱাৰ সমুদ্ৰ তীৰলৈ কেৱল ভাৰতীয়ই নহয় সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকৰ আগমন ঘটে।

উল্লেখযোগ্য যে গোৱাৰ কেইবাটাও সমুদ্ৰ তীৰ আছে যি কেৱল আন্তৰ্জাতিক দৰ্শনাৰ্থীৰ বাবেহে মুকলি কৰি দিয়া হৈছে। উক্ত স্থানসমূহত পৰ্যটকসকলক সুৰক্ষা প্ৰদানৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে অঞ্জুনা সমুদ্ৰ তীৰত ভাৰতীয় প্ৰৱেশ একেবাৰে সীমিত।

ফ্ৰী কসোল কেফে, কসোল

এই কেফেখন হিমাচল প্ৰদেশৰ কুল্লু অঞ্চলৰ কসোলত আছে। এইখন ভাৰতৰ আন এখন ঠাই য'ত ভাৰতীয়সকলক প্ৰৱেশত অনুমতি দিয়া নহয়। উল্লেখযোগ্য যে কেফেখনৰ স্বত্বাধিকাৰীজনে কেৱল ইজৰাইলৰ ব্যক্তিসকলকহে সেৱা আগবঢ়ায়।

ইউনো ইন হোটেল, বাংগালুৰু

ভাৰতৰ আন এখন হোটেল য'ত ভাৰতীয়সকলৰ প্ৰৱেশ একেবাৰেই নিষিদ্ধ। সেইখন হ'ল বাংগালুৰুৰ ইউনো ইন হোটেল। এই হোটেলখনত বিশেষকৈ জাপানৰ নাগৰিকসকলক হে সেৱা আগবঢ়ায়।

নর্থ চেন্টিনেল দ্বীপ, আন্দামান

নর্থ চেণ্টিনেল দ্বীপ হৈছে আন্দামানৰে এটা দ্বীপ। আন্দামানৰ এই ঠাইখন সাগৰৰ গভীৰতাত টেক্টনিক প্লেটৰ ঠিক মাজত অৱস্থিত। ইয়াক দূৰৰ পৰা দেখা যায়, কিন্তু সুৰক্ষাজনিত কাৰণত কোনো লোককে ইয়ালৈ যাবলৈ অনুমতি দিয়া নহয়। আৰু এই দ্বীপত আধিবাসীসকলে আজিও বাস কৰে বুলি বিশ্বাস কৰা হয়।

আচৰিতঃ ভাৰতৰ ৫খন ঠাই, ভাৰতীয়ৰে প্ৰৱেশৰ অনুমতি নাই...
আপুনি আলিয়াৰ কিতাপখন কিনিবনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in