ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০২২ত ৫৬ টা প্ৰকল্প প্রদর্শন...

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-২০২২ত ৫৬ টা প্ৰকল্প প্রদর্শন...

dhokuakhana

ডিজিটেল সংবাদ ঢকুৱাখনা: শিশুৰ মনৰ স্বাভাৱিক অনিসন্ধিৎসুকতা পূৰণ কৰি সৃজনশীল বিকাশৰ সুযোগ দিয়াৰ লক্ষ্যৰে ১০ বছৰৰ পৰা ১৭ বছৰ বয়সৰ শিশুসকলক বিজ্ঞান মনস্ক এক অধ্যয়ন ক্ষেত্ৰ প্ৰদান কৰি আহিছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহে। তাৰেই আলমত ৩০ সংখ্যক শিশু বিজ্ঞান সমাৰোহখন ঢকুৱাখনা মহকুমাৰ হাৰ্হি মহাবিদ্যালয়ৰ প্ৰাংগণত শনিবাৰে অনুষ্ঠিত হয়।

লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ উদ্যোগত ,ঢকুৱাখনা মণ্ডল শিশু বিজ্ঞান একাডেমীৰ সহযোগ অনুষ্ঠিত এই সমাৰোহৰ শনিবাৰে শুভাৰম্ভ কৰা হয় জিলা সমাৰোহৰ সভাপতি বেণু হাজৰিকা, মণ্ডল সভাপতি সান্তনা বৰুৱা আৰু মানস জ্যোতি নেওগৰ পতাকা উত্তোলনেৰে। ইয়াৰ পাছতে উপস্থিত শিক্ষানুৰাগী আৰু শিশু বিজ্ঞানীসকলক শপত বাক্য পাঠ কৰাই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শিশু বিজ্ঞানী প্রাংক্ষু বৰুৱা আৰু ৰাষ্ট্ৰীয় উদ্ভাৱক উপাসনা বৰুৱাই।

ইয়াৰ পাছতে শিশু বিজ্ঞান সমাৰোহ আৰু মুকলি সভা ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই শুভ উদ্বোধন কৰে। দুপৰীয়া জিলা একাডেমীৰ সভাপতি বেণুকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত জনাকীৰ্ণ মুকলি সভাতেই সমাৰোহ উপলক্ষত প্ৰকাশ কৰি উলিওৱা "অন্বেষণ" শীৰ্ষক মুখপত্ৰখন উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহযোগী অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঁইয়ে । 

মুকলি সভাৰ সমান্তৰালভাৱে অনুষ্ঠিত শিশু বিজ্ঞান সমাৰোহত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ  ৫৬ গৰাকী শিশু বিজ্ঞানীয়ে নিজৰ নিজৰ প্ৰকল্প উপস্থাপন কৰে। মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক দুলাল মহন্ত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থকা মুকলি সভাত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে অসম আৰক্ষী সেৱালৈ নিৰ্বাচিত হৈ  ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই অনা মেধাবী যুৱক মানস প্ৰতীম চৌধুৰীক সম্বৰ্ধনা পত্ৰ,গ্ৰন্থ সম্ভাৰ, গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

মুকলিসভাত মুঠ ১৫ গৰাকী শিশু বিজ্ঞানী পৰৱৰ্তী স্তৰলৈ মনোনীত হৈছে। তাৰ ভিতৰত ১২ গৰাকী শিশু বিজ্ঞানীক ৰাজ্যিক সমাৰোহলৈ আৰু ১৫ গৰাকী শিশু বিজ্ঞানীক অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনলৈ নিৰ্বাচিত কৰা হয় ।

assam DHOKUAKHANA