উত্তপ্ত বাংলাদেশঃ ছাত্ৰ-আৰক্ষীৰ সংঘৰ্ষত ১০৫ জনৰ মৃত্যু

উত্তপ্ত বাংলাদেশঃ ছাত্ৰ-আৰক্ষীৰ সংঘৰ্ষত ১০৫ জনৰ মৃত্যু
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে। দেশখনত ছাত্ৰ আৰু চৰকাৰী বাহিনীৰ সংঘৰ্ষই তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে শুকুৰবাৰে চুয়াডাংগাৰ দৰ্শনা তালাচী চকী হৈ দেশলৈ উভতিল বহু ভাৰতীয় শিক্ষার্থী। শুকুৰবাৰে দিনটোত ৭০ জন ভাৰতীয় শিক্ষার্থী ভাৰতত উপস্থিত হৈছে। প্ৰাণৰ মমতাত স্বদেশলৈ ঘূৰি অহাৰ বাবে সীমান্তত ভিৰ কৰিছেহি বহু ভাৰতীয় ছাত্র-ছাত্রীয়ে।

উল্লেখযোগ্য যে চৰকাৰী চাকৰিত মুক্তিযোদ্ধাৰ সংৰক্ষিত পদ বাতিলৰ দাবীত উত্তাল হৈ পৰিছে বাংলাদেশ। এনে পৰিপ্ৰেক্ষিতত সমগ্র দেশতে আন্দোলনকাৰী ছাত্ৰৰ সৈতে আৰক্ষীৰ প্ৰচণ্ড সংঘৰ্ষৰ সূত্রপাত ঘটিছে। এই সংঘর্ষত মৃত্যুৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি পাইছে। আনহাতে কমেও ১,৫০০ জন লোক আহত হৈছে বুলি এএফপিয়ে প্ৰকাশ কৰিছে।

নাৰশিংড়িত প্ৰতিবাদকাৰীয়ে এখন কাৰাগাৰ ভাঙি কেইবাশ বন্দীক মুকলি কৰি দিয়ে আৰু জে'লখন জ্বলাই দিয়ে। অনির্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে দেশৰ সকলো শিক্ষানুষ্ঠান। বন্ধ কৰি দিয়া হৈছে ম'বাইল, ইণ্টাৰনেট সেৱা। ইপিনে ম'বাইল, ইণ্টাৰনেট বন্ধৰ প্রতিবাদত আন্দোলনকাৰীৰ একাংশই আন এক প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে।

এনে সময়তে বাংলাদেশৰ ডাক, টেলি-যোগাযোগ আৰু তথ্য প্রযুক্তি বিভাগৰ মন্ত্রী জুনায়েদ আহমেদ পলে সদৰী কৰিছে মানুহৰ মাজলৈ ভুল বার্তা গৈ পৰিস্থিতি যাতে অধিক উত্তপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেবা। ইপিনে দেশখনত ৰে'ল চলাচল বন্ধ কৰি দিছে ৰে'ল কর্তৃপক্ষই। বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাৰ পৰা শুকুৰবাৰ বিয়লি লৈ ৰে'ল চলাচল বল্ধ কৰি ৰখা হৈছিল। পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত ৰে'ল চলাচল বন্ধ ৰখাৰ নির্দেশ দিছে কর্তৃপক্ষই।

উত্তপ্ত বাংলাদেশঃ ছাত্ৰ-আৰক্ষীৰ সংঘৰ্ষত ১০৫ জনৰ মৃত্যু
নলবাৰীত চাঞ্চল্য: ব্যৱসায়ীক গুলীয়াই পাঁচ লক্ষাধিক টকা লুট দুর্বৃত্তৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in