ভিন্ন শিতানত আইমী বৰুৱা আৰু পাৰ্থসাৰথি মহন্তই গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা...

ভিন্ন শিতানত আইমী বৰুৱা আৰু পাৰ্থসাৰথি মহন্তই গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা...

author-image
Asomiya Pratidin
New Update
ভিন্ন শিতানত আইমী বৰুৱা আৰু পাৰ্থসাৰথি মহন্তই গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা...

ডিজিটেল ডেস্কঃ ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজ্বলিত অসমৰ কেইবাগৰাকীও সন্তান। এইবেলি বিৰল বৈশিষ্ট্যপূৰ্ণ ছবিৰ শাখাত অসমীয়া ছবিয়ে নিজৰ নাম অক্ষুণ্ণ ৰাখে ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকে কেইবাখনো অসমীয়া চলচ্চিত্ৰ ৷

আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা “বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”-ৰ বাবে তথ্যচিত্ৰ নিৰ্মাতা অভিনেত্ৰী আইমী বৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মু্ৰ্মু হাতৰ পৰা বঁটা গ্ৰহণ কৰে।

সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই কিদৰে চেষ্টা চলাইছিল বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে সেই বিষয়ে উল্লেখ কৰে। অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা, কঠিন পৰিস্থিতিতো পীড়িতসকলক সহায় কৰা বিৰুবালা ৰাভাই ২০২১ চনত পদ্মশ্ৰী সন্মান লাভ কৰাৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত উল্লেখ কৰে।

আনফালে এইবেলি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰা আনখন ছবি হ’ল Hargila The Greater Adjutant Stork ৷ পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশনাত পি আই এণ্টাৰটেইনমেণ্টৰ বেনাৰত এই ছবিখন নিৰ্মাণ হৈছিল ৷ পৰিচালক ড৹ পাৰ্থ সাৰথি মহন্ত নিজে উপস্থিত থাকি গ্ৰহণ কৰে প্ৰমাণপত্ৰ ৷

ইয়াৰ লগতে অসমৰ কুলনন্দিনী মহন্তৰ ‘এমুঠি পুঠি’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল বঁটা, ড৹ ববী শৰ্মা বৰুৱাৰ ‘ছিকাইছাল’লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ তিৱা ছবিৰ ৰজত কমল বঁটা । আনহাতে চুটিছবিৰ শিতানত নৱপম ডেকাৰ ‘শূন্যতা’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা ।

Also Read: বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে বঁটা প্ৰদান

আইমী বৰুৱা