গুৱাহাটীত অনুষ্ঠিতব্য ৱাটাৰ পুল প্ৰতিযোগিতালৈ তিতাবৰৰ ১৩ জনীয়া প্ৰতিযোগীৰ দল

গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া আন্তঃজিলা সাঁতোৰ আৰু ৱাটাৰ পুল প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে তিতাবৰ জিলা সাঁতোৰ সন্থাৰ ৩২ গৰাকী প্ৰতিযোগী ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
gxfh

ডিজিটেল সংবাদ, বেকাজান : গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া আন্তঃজিলা সাঁতোৰ আৰু ৱাটাৰ পুল প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে তিতাবৰ জিলা সাঁতোৰ সন্থাৰ ৩২ গৰাকী প্ৰতিযোগী । এই সাঁতোৰ প্ৰতিযোগিতাত ভাগ ল'ব গ্রুপ-৫ৰ পৰা গ্ৰুপ-১লৈ মুঠ ১৯ গৰাকীকৈ প্ৰতিযোগীয়ে ।

শনিবাৰে তিতাবৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ আজীৱন সদস্য তথা সমাজকৰ্মী দীপক সন্দিকৈয়ে আটাইকেইগৰাকী খেলুৱৈক একোটা জাৰ্চি প্ৰদান কৰাৰ লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে । লগতে তিতাবৰ জিলা সাঁতোৰ সন্থাৰ পৰা যোৱা আটাইকেইগৰাকী খেলুৱৈয়ে উন্নতমানৰ খেল প্ৰদৰ্শন কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে দীপক সন্দিকৈয়ে ।  

অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক তৰুণ দত্ত, সাঁতোৰ প্ৰশিক্ষক ৰিংকি ভূঞা, যুৱ সমাজকৰ্মী প্ৰশান্ত কুমাৰ শইকীয়া আৰু ত্ৰিদিপ বৰঠাকুৰ ।

bekajaan