ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। বগীবিলৰ সমীপৰ আৰক্ষী চকীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰী।
উল্লেখযোগ্য যে আৰক্ষী চকীখনৰ এগৰাকী কনিষ্টবল প্ৰাঞ্জল বৰাই আত্মহত্যাৰ চেষ্টা কৰিছিল। কনিষ্টবলজনক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজন গুলীবিদ্ধ হয়। ফলত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰী গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত বিষয়াজনক ততাতৈয়াকৈ অসম মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে কনিষ্টবল প্ৰাঞ্জলৰ পত্নীৰ সৈতে হোৱা সংঘাতৰ ফলত পত্নীক কুঠাৰেৰে প্ৰহাৰ কৰিছিল কনিষ্টবলজনে। তাৰ পিছত থানালৈ আহি চৰম পন্থা লোৱাৰ চেষ্টা চলাইছিল প্ৰাঞ্জলে। তেওঁক বচাবলৈ গৈ সৃষ্টি হোৱা সংঘাতৰ ফলতেই আঘাতপ্ৰাপ্ত হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰী।