ডিজিটেল সংবাদ, ঢকুৱাখনা : সোমবাৰে পুৱাই ঢকুৱাখনাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এগৰাকী নিৰীহ শ্ৰমিকে ঘটনাস্থলীতে সাৱটি ল'লে অকাল মৃত্যুক ।
ঘটনাৰ বিবৰণী অনুসৰি ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত আমলখি ডাংধৰা গাঁৱৰ শ্ৰমজীৱী মদন দলেয়ে (৩৩) পকা কামৰ শ্ৰমিক বৃত্তিৰে জীৱন নিৰ্বাহ কৰি আছিল। সোমবাৰে পুৱাও ঘিলামৰাৰ সৰিয়হনী গাঁৱত এটা পকী কামৰ ধালাইৰ বাবে এখন ট্ৰেক্টৰৰ লগত সংযুক্ত মিক্সাৰ মেচিনত উঠি কৰ্মথলীলৈ ৰাওনা হৈছিল সতীৰ্থসহ যুৱকজন।
এনেতে ঢকুৱাখনা-ঘূণাসুঁতি লোকনিৰ্মাণ পথৰ খজুৱা অংশত উপস্থিত হোৱাৰ সময়তে হঠাৎ গাড়ীৰ পৰা পিছলি পথৰ ওপৰত পৰি যায় মদন । লগে লগে ট্ৰেক্টৰৰ পাছৰ চকাই যুৱকজনৰ শৰীৰৰ ওপৰেদি পাৰ হৈ যোৱাৰ ফলত যুৱকজন গুৰুতৰভাৱে আহত হয় ।
লগত অহা অন্য সতীৰ্থসকলে আহত যুৱকজনক ক্ষীপ্ৰতাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে । কিন্তু দুৰ্ভাগ্যজনক ভাবে চিকিৎসালয়ত বিবাহিত যুৱকজনৰ মৃত্যু হয়। ঘটনাৰ খবৰ পাই চিকিৎসালয়ত আত্মীয় স্বজন উপস্থিত হৈ শোকাছন্ন পৰিবেশৰ সৃষ্টি কৰে ।
অন্যহাতে চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ বাবেই যুৱকজনৰ আকস্মিক বিয়োগ ঘটাৰ অভিযোগ উত্থাপিত হৈছে। মুমূৰ্ষু অৱস্থাত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত অক্সিজেনৰ ব্যৱস্থা নথকা , বহু পলমকৈ চিকিৎসা সেৱা আগবঢ়োৱা ইত্যাদি কাৰণৰ বাবে তেঁও অকাল মৃত্যুক আঁকোলাৱি লোৱা বুলি অভিযোগ তোলে।
এই অভিযোগ উত্থাপন কৰি ৰোগীৰ জীৱনকলৈ এনে কাণ্ডজ্ঞানহীন হেতালি নেখেলিবলৈ সকলোকে সকীয়াই দিয়ে ৰাইজে । তাৰোপৰি জৰুৰীকালীন ১০৮ সেৱাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে সতীৰ্থ শ্ৰমিকসকলে ।
ঘটনাৰ খবৰ পাই ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Also Read: অসম আন্দোলনৰ কৰ্মী জিতু শৰ্মা আৰু নাই