নাগালেণ্ডত বুজন সংখ্যক মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক উদ্ধাৰ...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান নিৰাপত্তা বাহিনীৰ।‌ গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে যুটীয়া অভিযান চলাই ফেক জিলাৰ সাতাজা এলেকাৰ পৰা জব্দ‌ কৰে এই মাৰণাস্ত্ৰসমূহ।

অভিযানৰ‌ সময়ত- দুটা পইন্ট টু টু এম এম ৰাইফল, দুটা এয়াৰ গান, দুটা মাজোল লোডেড ৰাইফল, ১২ ব'ৰৰ এটা হেণ্ড গান, এটা পইন্ট টু টু এম এম পিষ্টল আৰু বুজণ পৰিমাণৰ বিষ্ফোৰক আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। উল্লেখযোদ্য যে নিৰাপত্তা বাহিনীৰ অভিযানকাৰী দলে উদ্ধাৰ কৰা মাৰণাস্ত্ৰৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ei muhurtar khabar
ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য নিযুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in