যোৰহাটত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু...

যোৰহাটত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু...

author-image
Asomiya Pratidin
New Update
যোৰহাটত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু...

যোৰহাটত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু...

ডিজিটেল সংবাদ বোকাখাতঃ অৱশেষত মৃত্যু হ'ল গুৰুতৰভাৱে আহত যোৰহাটৰ চটাইত উদ্ধাৰ কৰা নাহৰফুটুকীটো । মঙ্গলবাৰে ট্ৰেংকুইলাইজ কৰাৰ পাছত কাজিৰঙাৰ চি ডব্লিউ আৰ চিলৈ অনা হৈছিল নাহৰফুটুকীটো ৷

চিকিৎসকে জনোৱা মতে নাহৰফুটুকীটোৰ ঠেঙৰ হাড় ভাঙি যোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশত পোৱা গৈছিল চোকা অস্ত্ৰৰ আঘাটৰ চিন। কোনো দুষ্কৃতিকাৰীয়ে নাহৰফুটুকীটোক আক্ৰমণ কৰা বুলি সন্দেহ চিকিৎসকৰ ৷

উল্লেখ্যযোগ্য যে, যোৰহাটৰ চটাইৰ বৰ্ষাৰণ্যৰ গৱেষণা কেন্দ্ৰৰ আৱাসিক এলেকাত নাহৰফুটুকীটোৰ আক্ৰমণত ১৫ জন কৈ লোক আহত হৈছিল। কাজিৰঙাৰ বন্যপ্ৰাণীৰ পুনৰ সংস্থাপন কেন্দ্ৰ লৈ অনাৰ পাছত সুস্থ হৈছিল যদিও অধিক ৰক্তক্ষয়ী হোৱাৰ বাবে বৃহস্পতিবাৰে পুৱা মৃত্যুক সাৱটি লয় নাহৰফুটুকীটোৱে।

ক্লিক কৰি পঢ়কঃ চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদঃ ৰাজপথলৈ ওলাই আহিল হীৰেন গোহাঁই..

যোৰহাট