বকোত মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য...

জীৱন কালত কোনো দিনে সুখৰ মুখ নেদেখা সঙ্গীতাই মৃত্যুৰ পিচতো মৃতদেহ পিতৃৰ ঘৰৰ চোতালত আলাই-আথনি হৈ গোটেই নিশা পৰি থাকে

author-image
Asomiya Pratidin
New Update
নিচা মুক্তি কেন্দ্রত মহিলাৰ ৰহস্যজনক মৃত্য়ু, তীব্ৰ চাঞ্চল্য

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত এগৰাকী মহিলাৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি শনিবাৰৰে পৰা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ছয়গাঁও বিধান সভা সমষ্টি আৰু বকো থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ চাংচাং চাংমা নামৰ লোকগৰাকীয়ে ছাটাবাৰী গাঁৱৰ সঙ্গীতা চাংমাক আজিৰ পৰা প্ৰায় ৭ বছৰ আগতে বিয়া পাতিছিল।

লোকগৰাকীয়ে পত্নী আৰু দুই কন্যাৰ সৈতে বকোৰ সাপ্তাহিক বজাৰৰ জৰাজীৰ্ণ ঘৰ এটাত অঘৰীৰ দৰে বসবাস কৰি আহিছিল।

প্ৰায়েই মদ্যপান কৰি থকা চাংচাং চাংমাই সুৰাৰ নিচাত শুক্ৰবাৰে নিশা ইটাৰে সঙ্গীতাৰ মুখমণ্ডলত মৰিয়াই নৃশংসভাৱে হত্যা কৰে । সঙ্গীতা চাংমাৰ পিতৃ পৰিয়ালে কৰা অভিযোগমতে সঙ্গীতাই আনৰ ঘৰত খুজি-মাগি, কাম-বন কৰি কণমানি কন্যা সন্তান দুগৰাকীৰ লগতে স্বামীকো পোহপাল দিব লগীয়া হৈছিল।

আনকি চাংচাং চাংমাক মদ কিনিবলৈ টকাও দিব লগীয়া হৈছিল । টকা দিব নোৱাৰিলে মাৰ-ধৰ কৰে, পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হয় ।

শনিবাৰে আৰক্ষীয়ে হত্যাকাৰী চাংচাং চাংমাক আদালতৰ জৰিয়তে জে'ললৈ প্ৰেৰণ কৰে। দুৰ্ভগীয়া সঙ্গীতা চাংমাৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰি অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে স্বামীৰ গৃহ গাঁও শান্তিপুৰত নিয়ে ।

কিন্ত স্বামী গৃহৰ পৰিয়াল আৰু একাংশ গাঁৱবাসীয়ে গাঁৱখনত মৃতদেহ সৎকাৰ কৰাত বাধা প্ৰদান কৰে। মৃতদেহটো শান্তিপুৰ গাঁৱৰ পৰা ঘূৰাই পঠিয়ায়। বাধ্য হৈ সঙ্গীতাৰ পিতৃ পৰিয়ালে মৃতদেহটো জন্মস্থান ছাটাবাৰীলৈ আনে ।

জীৱন কালত কোনো দিনে সুখৰ মুখ নেদেখা সঙ্গীতাই মৃত্যুৰ পিচতো মৃতদেহটো পিতৃৰ ঘৰৰ চোতালত আলাই-আথনি হৈ গোটেই নিশা পৰি থাকে। দেওবাৰে ৰাতিপুৱাহে মৃতদেহ সৎকাৰ কৰা হয় ।

উল্লেখ্য যে আৰ্থিকভাৱে দুৰ্বল সঙ্গীতাৰ পিতৃ পৰিয়ালে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সখনক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্মাণৰ নামত লাভ কৰা ধনৰ পৰা ৬ হেজাৰ টকা দিবলগীয়া হয় ।

অন্যহাতে মাতৃ অবিহনে ঘাট মাউৰা হৈ পৰে কণমানি কন্যা দুগৰাকী। সুখ-দুখ একো বুজাৰ বয়স নোহোৱা কণমানি দুগৰাকীক লৈ সঙ্গীতাৰ পিতৃ পৰিয়ালে কি কৰিব কি নকৰিব সেই চিন্তাত চকুৰ টোপনি নোহোৱা হৈছে ।

Assam police boko police