চিমেন চাপৰিত বড়ো ভাষাত সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ দাবীৰে এবচুৰ প্ৰতিবাদ

গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ন্যায়িক আদালতৰ চাকৰীৰ সাক্ষাৎকাৰৰ লিখিত পৰীক্ষা বড়ো ভাষাত দিয়াৰ সুবিধাৰ দাবীত বৃহস্পতিবাৰে ধেমাজিত নিখিল বড়ো ছাত্ৰ সন্থাই পালন কৰে প্ৰতিবাদী কাৰ্য্যসূচী

author-image
Asomiya Pratidin
New Update
web bodo

ডিজিটেল সংবাদ, চিলাপথাৰ : গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ন্যায়িক আদালতৰ চাকৰীৰ সাক্ষাৎকাৰৰ লিখিত পৰীক্ষা বড়ো ভাষাত দিয়াৰ সুবিধাৰ দাবীত বৃহস্পতিবাৰে ধেমাজিত নিখিল বড়ো ছাত্ৰ সন্থাই পালন কৰে প্ৰতিবাদী কাৰ্য্যসূচী। নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আজি সংগঠনটোৰ শতাধিক কৰ্মীয়ে চিমেন চাপৰিস্থিত কাৰ্যালয়ত উপস্থিত হৈ গ্ৰহন কৰে এই কাৰ্যসূচী।

উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ন্যায়িক আদালতৰ চাকৰিৰ সাক্ষাৎকাৰ সংবিধানৰ অষ্টম অনুসূচিৰ অন্তৰ্ভুক্ত বড়ো ভাষাত লিখাৰ দাবী জনাই আহিছে পূৰ্বৰ পৰাই। পিছে বিষয়টোক লৈ চৰকাৰে গুৰুত্ব নিদিয়াত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

" আমাক ন্যায় লাগে, এবচু লং লিভ, আমাৰ দাবী মানিবই লাগিব, বড়ো ভাষাক গুৰুত্ব দিয়ক" আদি শ্লগানেৰে কঁপাই তোলে পৰিবেশ। লগতে সংগঠনটোৰ কৰ্মী সকলে দাহ কৰে সাক্ষাৎকাৰ সম্পৰ্কীই নথি পত্ৰ।

silapathar