ৰকিবুল হুছেইনৰ পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ আপ

চামগুৰি আৰু বিহালীবাসীক উন্নয়নৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অনুৰূপা ডেকাৰজাৰ

author-image
Asomiya Pratidin
New Update
ৰকিবুল হুছেইনৰ পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ আপ

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে আম আদমী পাৰ্টিয়ে। বিহালীত আপৰ প্ৰাৰ্থী অনন্ত গগৈ আৰু চামগুৰিত ডঃ নুৰুল আমিন চৌধুৰীয়ে দলটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে।

শনিবাৰে আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপ, অসমৰ উপ সভাপতি অনুৰূপা ডেকাৰজাই দুয়োটা সমষ্টিৰ পূৰ্বৰ বিধায়কসকলৰ ব্যৰ্থতাৰ খতিয়ান দাঙি ধৰে। আপৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কয়- "বিগত প্ৰায় ২৫ বছৰে চামগুৰি ৰকিবুল হুছেইনৰ দখলত আছিল। তাৰ পূৰ্বে ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনো ৰাজ্যৰ এগৰাকী ক্ষমতাশালী মন্ত্ৰী আছিল।

এতিয়া ৰকিবুল হুছেইন সাংসদ হিচাপে নিৰ্বাচিত হৈ তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিছে। কিন্তু বিগত দিনত চামগুৰি সমষ্টিৰ আশা কৰা ধৰণে উন্নয়ন হোৱা নাই। সমষ্টিটোৰ শিক্ষাৰ্থী সকলৰ উচ্চ শিক্ষাৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপনত ব্যৰ্থ হৈছে।

সমষ্টিটোত মাত্ৰ এখনেই কলেজ আছে। চৰকাৰী হাস্পতালসমূহত প্ৰয়োজনীয় আন্তঃ গাঁথনি, লেবৰেটৰী, চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ অভাৱ। সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰতো ৰকিবুল হুছেইনৰ চৰম ব্যৰ্থতা স্পষ্টৰূপে প্ৰতিফলিত হৈছে। সেইবাবে চামগুৰিৰ ভোটাৰসকলক আমি আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীক সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ। "

চামগুৰি সমষ্টিত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘটিত হিংসাত্মক ঘটনাৰ তীব্ৰ নিন্দা কৰে আপৰ নেত্ৰীগৰাকীয়ে। বিজেপিয়ে অসমতো উত্তৰ প্ৰদেশৰ দৰে ৰাজনীতিত হিংসাৰ আমদানি কৰি ঘৃণনীয় পৰিবেশ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে অনুৰূপা ডেকাৰজাই।

ইয়াৰ উপৰি চামগুৰিৰ নিৰ্বাচনী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা প্ৰায় কুৰিগৰাকী কৰ্মৰত সাংবাদিকৰ ওপৰত শাসকীয় দলৰ ভেৰোণীয়া বাহিনীয়ে আক্ৰমণ চলোৱাৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰীগৰাকী। আনহাতে বিহালী বিধানসভা সমষ্টিত সুদীৰ্ঘ দিনে বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্তই প্ৰতিনিধিত্ব কৰিছে।

বিজেপিৰ পল্লৱলোচন দাসেও বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু আজি বিহালী বাসী উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। সংবাদমেলত আপৰ নেত্ৰীগৰাকীৰ অভিযোগ- "বিগত দিনত সমষ্টিটোৰ প্ৰায় ৬০ শতাংশ আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ কোনোধৰণৰ উন্নয়ন সাধন কৰিব পৰা নাই। বাট- পথ, চিকিৎসা সেৱা, শিক্ষা আদি সকলো দিশতে পূৰ্বৰ বিধায়কসকলে চৰম ব্যৰ্থ হৈছে। সেইবাবে আমি আপৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈক প্ৰক্ষেপ কৰিছো। আশা কৰোঁ যে দিল্লী আৰু পঞ্জাৱৰ পৰিবৰ্তনৰ ঢৌৱে অসমকো স্পৰ্শ কৰিব। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতি বিহালী আৰু চামগুৰিৰ সাধাৰণ জনতাই আদৰি ল'ব। "

সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাৰ লগতে দলৰ মহিলা শক্তিৰ সভানেত্ৰী মাছুমা বেগমো উপস্থিত থাকে।

Also Read: ডিফুত বহুভাষিক কবি সন্মিলনৰ সামৰণি অনুষ্ঠান...

aap assam