দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ঘৰত চিবিআইৰ তালাচীৰ পাছতেই আপৰ নতুন ৰণনীতি…

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ঘৰত চিবিআইৰ তালাচীৰ পাছতেই আপৰ নতুন ৰণনীতি…

author-image
asomiyapratidin
New Update
হিমন্ত বিশ্ব শৰ্মাৰ মানহানিৰ গোচৰ! উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মনীষ ছিচোদিয়াৰ আবেদন

ডিজিটেল ডেস্ক: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছোদিয়াৰ ঘৰত শুকুৰবাৰে চিবিআইয়ে অভিযান চলোৱাৰ পাছত আম আদমী পাৰ্টীয়ে তৈয়াৰ কৰিছে নতুন ৰণনীতি। সেই অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে মনিষ ছিচোদিয়াইও গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব।

কেজৰিৱালে ঘোষণা কৰিছে যে তেওঁ সোমবাৰে মনীষ চিছোদিয়াৰ সৈতে শিক্ষা আৰু স্বাস্থ্যৰ গ্যেৰান্টী দিবলৈ গুজৰাটলৈ যাব।

টুইটাৰৰ জৰিয়তে কেজৰিৱালে কয় যে "সোমবাৰে, মনীষজী আৰু মই দুদিনৰ বাবে গুজৰাটলৈ যাম – শিক্ষা আৰু স্বাস্থ্যৰ গ্যেৰান্টি দিম। দিল্লীৰ দৰে গুজৰাটেও ভাল বিদ্যালয়, ভাল চিকিৎসালয় আৰু মহল্লা ক্লিনিক লাভ কৰিব। সকলোৱে বিনামূলীয়াকৈ ভাল শিক্ষা আৰু ভাল চিকিৎসা লাভ কৰিব। মানুহে যথেষ্ট সকাহ পাব। আমি যুৱসকলৰ সৈতেও বাৰ্তালাপ কৰিম।"

উল্লেখ্য যে, চিবিআইৰ দলে শুকুৰবাৰে দিল্লী চৰকাৰৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত তালাচী চলাইছিল। মনীষ চিছোদিয়াৰ উপৰিও, আন ৩ জনৰ ঘৰত চলোৱা হৈছিল তালাচী। মনীষ চিছোদিয়াই এটা টুইটৰ জৰিয়তে এই কথা জনাইছিল।

ইয়াৰ পাছতেই গৰম হৈ পৰিছিল দিল্লীৰ ৰাজনীতি। আপৰ বহু নেতাৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এই অভিযানক তীব্ৰ গৰিহনা জনাইছে।

আৰু পঢ়ক: তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইন্টাৰনেট সেৱা বাতিলৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

delhi aap arvind kejriwal manishs sisodia