ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সঁজাতী দল এটাই আজি সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে গুৱাহাটীৰ উন্মুক্ত নলাত পৰি অকালতে প্ৰাণ হেৰুওৱা ৮ বছৰীয়া অবিনাশ সৰকাৰৰ ঘৰলৈ যায়৷
প্ৰদেশ কংগ্ৰেছ কমিটিৰ সঁজাতী দলটোৱে মহানগৰীৰ নুনমাটিৰ ভৱানীপুৰৰ মায়ানগৰস্থিত ঘৰখনলৈ গৈ শোকসন্তপ্ত পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলক সান্ত্ৱনা দিয়াৰ লগতে এই মৰ্মবেদনা সহিব পৰাকৈ নেদেখাজনক সাহস দিবলৈ প্ৰাৰ্থনা কৰে৷
সঁজাতী দলটোৱে ঘটনাটোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে অবিনাশ সৰকাৰৰ আত্মাৰ সদ্গতি কামনা কৰে৷ সঁজাতী দলটোত আছিল ববিতা শৰ্মা, গুণকান্ত গগৈ, বালিকা লাহন পেগু, ৰূপা দেউৰী, বিপুল গগৈ, খলিলুৰ ৰহমান, মৌচুমি নেওগ, মাইনাজান বেগম আৰু আনচুলা দৈমাৰী।
Also Read: চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত বান সাহায্য...