PRC বিৰ্তকঃ নিযুক্তি পৰীক্ষাত অসমৰ স্থায়ী বাসিন্দাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান এবছুৰ...

PRC বিৰ্তকঃ নিযুক্তি পৰীক্ষাত অসমৰ স্থায়ী বাসিন্দাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান এবছুৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ চাকৰিত আবেদনৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (PRC) নালাগে বুলি জাননী জাৰি কৰিছিল উচ্চ শিক্ষা সঞ্চালকালয়ে। তাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশেষত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় শিক্ষা বিভাগ।

এই সন্দৰ্ভত এবছুৱে ৰাজ্য চৰকাৰক দাবী জনাই যে, এনে ধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত অসমৰ স্থায়ী বাসিন্দাক অগ্ৰাধিকাৰ দিয়া উচিত। প্ৰাৰ্থীসকলৰ বাবে পি আৰ চি আৰু স্থানীয় ভাষা দুয়োটাই বাধ্যতামূলক কৰিবলৈ আহ্বান জনাই এবছুৱে।

আনহাতে অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ আৰ্হি সলনি কৰা ঘোষণাক লৈও তীব্ৰ আক্ষেপ প্ৰকাশ কৰে এবছুৱে। নিযুক্তি পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ সলনি পূৰ্বৰ পদ্ধতিৰেই হ'ব লাগে বুলিও দাবী এবছুৰ। সংগঠনটোৰ নেতৃত্বই কয় যে, সকলো পৰীক্ষাৰ্থী পূৰ্বৰ আৰ্হিতে পৰীক্ষা দিবলৈ প্ৰস্তুত হৈ আছে, গতিকে হঠাতে লোৱা এনে সিদ্ধান্তই তেওঁলোকক ক্ষতি কৰিব।

কোনো নীতিগত সিদ্ধান্ত লোৱা আৰু অধিসূচনা দিয়াৰ আগতে চৰকাৰে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী আৰু খিলঞ্জীয়াৰ আগ্ৰহ আৰু আৱেগক অগ্ৰাধিকাৰ দিয়া উচিত বুলি এখন প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে এবছুৱে।

PRC বিৰ্তকঃ নিযুক্তি পৰীক্ষাত অসমৰ স্থায়ী বাসিন্দাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান এবছুৰ...
ধিঙৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন বিধায়ক অখিল গগৈৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in