উগ্ৰপন্থীৰ গুলীত নিহত এবছুৰ সভাপতি স্বৌমব্লা বসুমতাৰীৰ মৃত্যু দিৱস

চিৰাঙৰ গয়বাৰীত এবছুৰ উদ্যোগত "উদখাৰি বেৰেখা ছান" অৰ্থ্যাৎ সন্ত্ৰাসবাদ বিৰোধী দিৱস উদযাপন
উগ্ৰপন্থীৰ গুলীত নিহত এবছুৰ সভাপতি স্বৌমব্লা বসুমতাৰীৰ মৃত্যু দিৱস
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: মঙলবাৰে চিৰাঙৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ২৮সংখ্যক "উদখাৰি বেৰেখা ছান" অৰ্থ্যাৎ সন্ত্ৰাসবাদ বিৰোধী দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰ চহৰৰ মাজমজিয়াত উগ্ৰপন্থীৰ গুলীত নিহত প্ৰয়াত এবছুৰ সভাপতি স্বৌমব্লা বসুমতাৰীৰ মৃত্যু দিৱসত বিগত ২৮ বছৰ ধৰি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত প্ৰয়াত ছাত্ৰ নেতাজনৰ সমাধিস্থলীত এবছুৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে "উদখাৰি বেৰেখা ছান" অৰ্থ্যাৎ সন্ত্ৰাসবাদ বিৰোধী দিৱস উদযাপন কৰি আহিছে।

পুৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োয়ে এবছুৰ পতাকা অৰ্দ্ধ উত্তোলন কৰি সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দ্বিতীয় কাৰ্যসূচীৰ অংশ হিচাপে সমূহীয়া প্ৰাৰ্থনা গীতৰ মাজেৰে প্ৰয়াত এবছুৰ সভাপতি স্বৌমব্লা বসুমতাৰীৰ সমাধিস্থলীত প্ৰথমে বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰে তেখেতৰ সহধৰ্মিণী ভানুমতী বসুমতাৰীয়ে। ইয়াৰ পাছত এবছুৰ সভাপতি দ্বীপেন বড়ো, বিটিচি প্ৰধান প্ৰমোদ বড়ো, বিধায়ক লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীল'কান্ত গয়াৰী, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ছাংগ্ৰাং ব্ৰহ্ম সহ বিভিন্ন বড়ো জাতীয় দল সংগঠনৰ নেতৃত্ববৰ্গ সকলে পুষ্প অৰ্পন কৰে।

তাৰ পিছত এবছুৰ সভাপতি আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োই "মানৱজাতিক সন্ত্ৰাস নহয় শান্তি লাগে" এক বাৰ্তাৰে শান্তিৰ প্ৰতীক স্বৰূপ বগা পাৰচৰাই আৰু বগা বেলুন মুকলি আকাশত উৰুৱাই দিয়ে। উল্লেখ্য যে ১৯৯৬ চনৰ ৩০জুলাইৰ এই দিনটোতে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত হাতিমাথাস্থিত বাসগৃহত সশস্ত্ৰ উগ্ৰপন্থীৰ এটা দলে নৃশংস ভাৱে গুলীয়াই হত্যা কৰিছিল তদানীন্তন এবছুৰ কেন্দ্ৰীয় সভাপতি স্বৌমব্লা বসুমতাৰীক।

উগ্ৰপন্থীৰ গুলীত নিহত এবছুৰ সভাপতি স্বৌমব্লা বসুমতাৰীৰ মৃত্যু দিৱস
মুখ্যমন্ত্ৰী ডেছবোৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত মৰিগাঁও জিলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in