জামুগুৰিহাটত পথ দুৰ্ঘটনাঃ আহত ২ বাইক আৰোহী

জামুগুৰিহাটত পথ দুৰ্ঘটনাঃ আহত ২ বাইক আৰোহী
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ তৌভঙা বজাৰৰ সন্মুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ঘটনাত গুৰুতৰ ভাবে আহত দুই বাইক আৰোহী৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা AS-12-AG-1528 নম্বৰৰ এল্টো বাহনত তীব্ৰবেগী AS-12-AJ-7320 নম্বৰৰ এখন বাইকে পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত গুৰুতৰ ভাবে আহত হয় দুই বাইক আৰোহী৷

আহত যুৱক দুজন টুপিয়াৰ নবিল গাঁৱৰ আছিফ আনছাৰী(১৮) আৰু জাহিৰ খান(১৯) বুলি জানিব পৰা গৈছে ৷ আহত দুয়োকে ৰাইজে ততাতৈয়াকৈ উত্তৰজামগুৰি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে৷ প্ৰাথমিক চিকিৎসাৰ অন্তত জাহিৰ খান নামৰ বাইক চালক জনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

জামুগুৰিহাটত পথ দুৰ্ঘটনাঃ আহত ২ বাইক আৰোহী
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাৰীৰিক প্ৰমূখ সৌৰভ কলিতাৰ অকাল বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in