অৱসৰৰ দিনটোতে ADGP হীৰেন নাথৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি...

অৱসৰৰ দিনটোতে ADGP হীৰেন নাথৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি...
অৱসৰৰ দিনটোতে ADGP হীৰেন নাথৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি। আগন্তুক ২ বছৰ অসম আৰক্ষীৰ বাবে সেৱা আগবঢ়াব জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে। ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে অসম আৰক্ষীত সেৱা আগবঢ়াব বিষয়াগৰাকীয়ে।

উল্লেখযোগ্য যে, ৩০ছেপ্টেম্বৰ ২০২৪ত চাকৰি কাৰ্যকালৰ শেষৰটো দিন আছিল হীৰন নাথৰ। অৱসৰৰ দিনটোতে অসম চৰকাৰে আৰক্ষী বিষয়াগৰাকীৰ কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ এই অতিৰিক্ত দুবছৰীয়া কাৰ্যকাল ১ অক্টোবৰ, ২০২৪ ৰ পৰা আৰম্ভ হ'ব।

অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথলৈ ২০২২বৰ্ষত আগবঢ়োৱা হৈছিল বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল।  দীৰ্ঘদিনীয়া চাকৰি কালত বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণেৰে নিজৰ সক্ষমতাৰ পৰিচয় দিয়া হীৰেন নাথৰ কাৰ্যকাল বৃদ্ধিয়ে বিভিন্নজনক সন্তুষ্টি প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in