প্ৰসিদ্ধ অভিনেতা আদিল হুছেইনলৈ চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

প্ৰসিদ্ধ অভিনেতা আদিল হুছেইনলৈ চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও: বিংশ শতিকাৰ পঞ্চাশ দশকৰ শেষান্তত নৈশ মহাবিদ্যালয় ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়। চমুকৈ এডিপি কলেজ নামেৰে পৰিচিত এই উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠানখনিয়ে তিনিকুৰি পাঁচটা বসন্ত অতিক্ৰম কৰাৰ পথত। সেয়ে আগন্তুক ৭ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসটি পালনৰ প্ৰস্তুতি চলোৱা হৈছে।

প্ৰথমটো দিনৰ কাৰ্যসূচীৰ অংশৰূপে ৭ ছেপ্টেম্বৰত পতাকা উত্তোলন,স্মৃতি তৰ্পন আৰু মুকলি সভা অনুষ্ঠিত হ'ব । শিক্ষা প্ৰতিষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি চেনীৰাম বৈদ্যৰ পৌৰহিত্যত অনুষ্ঠিত হ'বলগীয়া এই মুকলি সভাত লেখক-সাংবাদিক তথা 'আমাৰ অসম' কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰ লগতে উচ্চ শিক্ষা বিভাগৰ সঞ্চালক পমী বৰুৱাও উপস্থিত থাকিব। দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব শুকদেৱ গোস্বামী সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয়/ বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰতিযোগিতাখনিত অধ্যক্ষতা কৰিব।

ইপিনে অন্তিমটো দিনৰ কাৰ্যসূচী অনুসৰি ৯ ছেপ্টেম্বৰত নৱাগত আদৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰণিধানযোগ্য যে, নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০১৭ বৰ্ষৰ পৰাই প্ৰদান কৰি আহিছে 'আনন্দৰাম ঢেকিয়াল ফুকন বঁটা'। ২০২৪ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট শিল্পী আদিল হুছেইনক । অতি কম দিনৰ ভিতৰতেই মহাবিদ্যালয় কৰ্তৃপক্ষই আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতানুষ্ঠানৰ জৰিয়তে শিল্পীগৰাকীক বঁটাটি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে,বিগত বৰ্ষসমূহৰ এই বঁটা প্ৰাপক হৈছে বিজ্ঞানী ড৹ বিদ্যুত কুমাৰ শৰ্মা,সমাজকৰ্মী বীৰুবালা ৰাভা,ভাষাবিদ নাহেন্দ্ৰ পাদুন,অভিনেতা বিষ্ণু খাৰঘৰীয়া,সাহিত্যিক য়েছে দৰজে ঠংছি,শিল্পী বীৰেন সিংহ । মধ্য অসমৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত মানবিশিষ্ট বৰঙণি আগবঢ়াই অহা নগাঁৱৰ এডিপি কলেজৰ এইসসূহ অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিছে অধ্যক্ষ ড৹ সদানন্দ পায়েঙে ।

প্ৰসিদ্ধ অভিনেতা আদিল হুছেইনলৈ চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা
বিহপুৰীয়াৰ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in