ADRE 2024: আজি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা...

ADRE 2024: আজি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা...

author-image
Asomiya Pratidin
New Update
ADRE পৰীক্ষা : মৰিগাঁও জিলাৰ পৰীক্ষাৰ্থীৰ বাবে জিলা পৰিবহণ কাৰ্যালয়ে লৈছে বিশেষ পদক্ষেপ...

ডিজিটেল ডেস্কঃ  কঠোৰ নিয়মাৱলীৰ মাজেৰে আজি অনুষ্ঠিত হ’ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ৷ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ হৈ অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰিব এই লিখিত পৰীক্ষা ৷ ৩ সহস্ৰাধিক পদৰ বাবে লিখিত পৰীক্ষাত বহিব ১১ লাখৰো অধিক প্ৰাৰ্থী। ৰাজ্যৰ ২৮খন জিলাৰ বিভিন্ন নিৰ্বাচিত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ পুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ ৰাজ্যত কৰ্তন কৰা হ’ব ম’বাইল ইন্টাৰনেট সেৱা ৷

অসম চৰকাৰে সকলোবোৰ দিশ চালি-জাৰি চাই পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ স্বাৰ্থত ৰাজ্যজুৰি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈকে ম’বাইল ইন্টাৰনেট, ম’বাইল ডাটা, ম’বাইল ৱাইফাই সেৱা কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে যে এনেদৰে স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাটো সহজ কথা নহয় ।

ইফালে আজিৰ লিখিত পৰীক্ষাৰ বাবে সাজু আৰক্ষী-প্ৰশাসন তথা পৰীক্ষাৰ দায়িত্বত থকা সংশ্লিষ্ট কৰ্তৃপক্ষ। ইতিমধ্যে কৰ্তৃপক্ষই জাৰি কৰিছে কেতবোৰ নিয়মাৱলী-

প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ নিলগৰ পৰা চলিব তালাচী। পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব । প্ৰাৰ্থীয়ে পৰীক্ষা দিবলৈ আহোতে লগত আনিব পাৰিব মাত্ৰ এডিমিট কাৰ্ড । নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব ।পৰীক্ষাক লৈ সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে ল'ব ব্যৱস্থা ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অসৎ উপায় অৱলম্বন কৰিলে ৩ ৰ পৰা ১০ বছৰ পৰ্যন্ত জে'ল হোৱাৰ লগতে ১ লাখ টকাৰ পৰা ১০ কোটি টকাৰ জৰিমনা ভৰিব লাগিব । পৰীক্ষা কেন্দ্ৰত ২ ঘণ্টাৰ পূৰ্বেই উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী প্ৰাৰ্থী। পৰীক্ষা কেন্দ্ৰত বাধ্যতামূলক কৰা হৈছে চিচি কেমেৰা ।

ইয়াৰোপৰি প্ৰাৰ্থীসকলে লগত নিব পাৰিব নীলা বা ক’লা বল পেন, পেঞ্চিল, স্কেল, ইৰেজাৰৰ লগতে পৰিচয় পত্ৰ, এ টি এম, ড্ৰাইভিং লাইচেঞ্চ আৰু ন্যূনতম নগদ ধন । উল্লেখযোগ্য যে, ৰাজ্যজুৰি পৰীক্ষা পৰিচালনাৰ বাবে ৭০ হাজাৰ নিৰীক্ষকক নিয়োজিত কৰা হৈছে ।

ADRE 2024