ডিজিটেল ডেস্কঃ আকৌ চৰ্চাত বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। ক'লা আইন হিচাপে পৰিচিত এই আইনখন পুনৰ অৰুণাচল আৰু নাগালেণ্ডত ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে।
নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমৌকেডিমা, মন, কিফিৰে, নোক্লাক, ফেক, পেৰেন, জুনহেবোটো জিলালৈ সম্প্ৰসাৰণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনাৰ জৰিয়তে এই ৯ খন জিলাত ২০২৩ বৰ্ষৰ ৩০ মাৰ্চলৈ বৃদ্ধি কৰিলে বিতৰ্কিত আইনখনৰ ক্ষমতা।
আনহাতে অৰুণাচল প্ৰদেশৰ তিৰাপ, চাংলাং আৰু লংডিং জিলা আৰু অসম সীমান্তৰ নামচাই জিলাৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত থকা এলেকাসমূহক ১ অক্টোবৰৰ পৰা ছয় মাহৰ বাবে বৃদ্ধি কৰা হৈছে আফছপা। এই অঞ্চলসমূহত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ ৰ ধাৰা ৩ ৰ অধীনত "অশান্ত অঞ্চল" হিচাপে ঘোষণা কৰা হৈছে।