ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটী মহাবিদ্যালয়ত অজিৎ বৰুৱা স্মাৰক এখন বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। অহা ১৭ আগষ্ট, শনিবাৰে অনুষ্ঠিত হ'ব আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্রধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ সোঁৱৰণত নৱম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতা।
গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোট আৰু অংশুমান নাথ স্মাৰক ফাউণ্ডেচনৰ সহযোগত আৰু অজিৎ বৰুৱা অনুৰাগী সমাজৰ উদ্যোগত গুৱাহাটী মহাবিদ্যালয়ত আয়োজিত এই বৰ্ষৰ অজিৎ বৰুৱা স্মাৰক বক্তৃতাটি প্রদান কৰিব প্রসিদ্ধ কাহিনীকাৰ, চলচ্চিত্র সমালোচক অপূর্ব শর্মাদেৱে। উক্ত বক্তৃতানুষ্ঠানটোৰ বিষয়- এখন প্ৰেমৰ উপন্যাস: এটি অনুপস্থিত প্রেম কাহিনী। গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোট আৰু অংশুমান নাথ স্মাৰক ফাউণ্ডেচনে অনুষ্ঠানটিত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।