চিবিআই,ইডি,গুডি মিডিয়া,ইনকাম টেক্স, এইবোৰ মিলিহে বিজেপিঃ সাংসদ অজিত ভূঞা

বিহালীত লুৰিণজ্যোতি গগৈ আৰু অজিত কুমাৰ ভূঞাৰ ৰ'ড শ্ব'...

author-image
Asomiya Pratidin
New Update
চিবিআই,ইডি,গুডি মিডিয়া,ইনকাম টেক্স, এইবোৰ মিলিহে বিজেপিঃ সাংসদ অজিত ভূঞা

ডিজিটেল সংবাদ,বিহালী: নিৰ্বাচনী প্ৰচাৰত পিছ পৰি ৰোৱা নাই বিৰোধী। তুংগত উঠিছে চিপিআই (এম-এল) ৰ প্ৰাৰ্থী তথা অসম সন্মিলিত মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীৰ নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে অসম সন্মিলিত মঞ্চৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিহালীত উপস্থিত হয় অসম সন্মিলিত মঞ্চৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। অসম সন্মিলিত মৰ্চাৰ সমৰ্থিত চিপিআই(এম-এল) দলৰ মনোনীত প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীক লগত লৈ মৰ্চাৰ সভাপতি,সাংসদ অজিত কুমাৰ ভূঞা, সম্পাদক তথা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বিবেক দাসে বৰগাঙত পৰা টেলেঙণীয়া গাঁও পঞ্চায়ত এলেকা বিহালী, দলনি, ৰাংছালী বৰালীমৰা,নিজবিহালী,বটীয়মাৰী এলেকা সামৰি এক বিশাল ৰ'ড শ্ব' কৰে ৷

মৰ্চাৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীৰ হৈ নিৰ্বাচনী ৰ'ড শ্ব'ত ভাগ লৈ বিৰোধী মৰ্চাৰ সভাপতি, সাংসদ অজিত কুমাৰ ভূঞাই সাংবাদিকৰ আগত শাসনাধিষ্ট বিজেপিক চোকা সমালোচনা কৰে ৷ সাংসদ অজিত কুমাৰ ভূঞাই সাংবাদিকৰে হোৱা কথা-বতৰাত উল্লেখ কৰে যে, সাম্প্ৰতিক সময়ৰ ৰাজনীতি এনেকুৱা পৰ্যায়ত উপনীত হৈছে যে এতিয়া টকা পইচাই ৰাজনীতি নিৰ্ধাৰণ কৰিছে। দুৰ্নীতি পৰায়ণ ব্যক্তি টকা-পইচাৰ বলত জয় হ'বলৈ ধৰিছে। সাংসদ অজিত কুমাৰ ভূঞাই শাসকীয় দল বিজেপি সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে, আজি বিজেপি মানে হ'ল ইলেকচন কমিচনাৰৰ লগত দিয়া যুঁজ ৷

লগতে কয় যে, দেশৰ তদন্তকাৰী সংস্থা চিবিআই, ইডি, গোডী মিডিয়া, ইনকাম টেক্স, ইলেকচন কমিচন ইত্যাদিৰ সংমিশ্ৰণটো হ'ল বিজেপি। লগতে অসম সন্মিলিত মঞ্চৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে, বিৰোধী ঐক্যৰ বাৰ্তা ৰাইজৰ মাজলৈ যোৱাটো অসম ৰাইজে বিচাৰিছে ৷ অসমৰ সৰ্ব সাধাৰণ জনতাই বিৰোধী ঐক্য হোৱাটো বিচাৰিছে ৷ আমি কংগ্ৰেছ দলৰ সকলো চৰ্ত মনাৰ পিছতো তেওঁলোকে বিহালীত প্ৰাৰ্থী দিলে কিন্তু কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা জিকিব বুলিওটো একো নিশ্চয়তা নাই ৷

সাংসদ অজিত কুমাৰ ভূঞাই কয় যে, সকলো সময়ত জিকা হৰাক লৈ ৰাজনীতি নহয়৷ ইয়াত এটা আদৰ্শগত দিশ থাকে ৷ সাংসদ অজিত কুমাৰ ভূঞাই কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, গৌৰব গগৈ কোন? তেওঁ যোৰহাটত সন্মিলিত মঞ্চৰ প্ৰাৰ্থী হিচাবেহে জিকিছে ৷ সাংসদ অজিত কুমাৰ ভূঞাই যোৰহাটৰ সাংসদ গৌৰৱ গগৈক আমি তেওঁক জিকাইছোঁ বুলি দাবী কৰি কয় যে, কংগ্ৰেছ দলে আমাক কৰা অপমানৰ উত্তৰ ৰাইজে দিব ৷

আনহতে অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদক, অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ নিৰ্বাচনী প্ৰচাৰ প্ৰচাৰ সভাত শাসনাধিষ্ট বিজেপিৰ আৰু কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। সাম্প্ৰতিক সময়ত আমি সন্মিলিতভাৱে শাসকীয় বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিব লাগিব ৷ অসম সন্মিলিত মঞ্চৰ সম্পাদক, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বিৰোধী কংগ্ৰেছ দলৰ নেতা জীতেন্দ্ৰ সিঙে শিচৰত সংবাদমেলত চিপিআই(এম-এল) দলৰ প্ৰাৰ্থীজন অতি দুৰ্বল আৰু আসন ভাগ বটোৱাৰাৰ ক্ষেত্ৰত কোটা নাথাকে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বেলেগ এট দলে বেলেগ এটা দলৰ প্ৰাৰ্থী শক্তিশালী হয় নে নহয় কেনেকৈ মূল্যায়ন কৰিব ৷ সাধাৰণ জনতাই হে' মূল্যায়ন কৰিব কোন প্ৰাৰ্থী সবল আৰু দূৰ্বল৷

অজাপ সভাপতি লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে, আমাৰ মুল কথাটো আছিল আমি ঐক্যবদ্ধতাৰে যুঁজা ৷ কাৰ কিমান ভোট বেংক সেইটো ডাঙৰ কথা নহয় ৷ সকলোৱে সন্মিলিতভাৱে যুঁজি জিকাব লাগিছিল ৷ মিত্ৰতাৰ ধৰ্মটোৱেই হৈছে বেলেগ দল সমূহ আসন দিয়া ৷ কংগ্ৰেছতো পাছ বাৰ চাৰিবাৰ হৰা ব্যক্তি পিছত বিধায়ক হোৱাৰ উদাহৰন আছে ৷ আনহাতে চিপিআই)এম-এল) দলৰ মনোনীত প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীক গছত উঠাই গুৰি কাটিলে বুলি চলা চৰ্চা সন্দৰ্ভত কয় যে ,এইয়া সম্পূৰ্ণৰূপে সংবাদ মাধ্যমৰ সৃষ্ট বিষয় ৷

Also Read: বিহালীত উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীৰ হৈ সভাপতি ভৱেশ কলিতা,প্ৰমোদ বড়োৰ প্ৰচাৰ অভিযান...

bihali Ajit kumar bhuyan lurin jyoti