ডিজিটেল ডেস্কঃ যোৱা কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যৰে জি এম চি এইচত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈ চিকিৎসাধীন হৈ থকা কেবিনত যথেষ্ট সময় ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অতিবাহিত কৰি স্বাস্থ্য বুজ লয়।
বিধায়কগৰাকীৰ স্বাস্থ্য বুজ লৈ ওলাই আহি সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, বেলেগ একো কথা নাই। অখিল গগৈৰ স্বাস্থ্যৰ বুজ লবৰ বাবে আহিছিলো। চিকিৎসকে ভালকৈ চিকিৎসা চলাই আছে। আগন্তুক দুই তিনিদিনৰ ভিতৰত তেওঁক ৰিলিজ দিয়া হ’ব। বৰ্তমান বাহিৰত গৈ চিকিৎসা কৰিবলগীয়া তেনেকুৱা একো হোৱা নাই।
আনহাতে শিক্ষক বদলিকৰণ ক্ষেত্ৰক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শিক্ষকৰ বদলিকৰণৰ ক্ষেত্ৰত পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। শেহতীয়াকৈ সৃষ্টি হোৱা ভূমি বিৰ্তকক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে বিভ্ৰান্তি সৃষ্টি কৰাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি মন্তব্য কৰে। তেওঁ কয় যে, মাজুলীৰ মানুহে আইন খন এবাৰ পঢ়ি চোৱাৰ পিছত নৱেম্বৰত এই আইন প্ৰযোজ্য কৰা হ’ব। বিধেয়ক খনক লৈ মোৰ কোনো স্বাৰ্থ নাই। ভৰত নৰহে কি কৈছে আপোনালোকে সকলোৱে শুনিছে। মাটি সকলোৱে কিনিব পাৰে,অখিল গগৈয়েও গুৱাহাটীত মাটি কিনিছে,আপুনি ময়ো শিৱসাগৰত কিনিব পাৰোঁ। কম দামত মাটি পালে কিনাৰ কি অসুবিধা আছে।
দেওবাৰে তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰিপুণ বৰাক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰিব বুলি দুমাহ আগৰ পৰাই খবৰ আছে মোৰ। তেওঁ কংগ্ৰেছ দল এৰিব লগীয়া কি কাৰণ আছিল সেয়া মই আজিও বুজিও নাপালো
Also Read: ভয়ংকৰ ঘটনাঃ বগীবিলত দুই সন্তানৰ সৈতে মাতৃয়ে জাঁপ দিলে ব্ৰহ্মপুত্ৰত...