বানৰ বাবে কেন্দ্ৰৰ পৰ্যাপ্ত পুঁজি আনি মুখ্যমন্ত্ৰীক সাহসিকতাৰ প্ৰমাণ দিবলৈ ক'লে বিধায়ক অখিল গগৈয়ে...

বানৰ বাবে কেন্দ্ৰৰ পৰ্যাপ্ত পুঁজি আনি মুখ্যমন্ত্ৰীক সাহসিকতাৰ প্ৰমাণ দিবলৈ ক'লে বিধায়ক অখিল গগৈয়ে...
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ অসমৰ বান পৰিস্থিতি আৰু ইয়াৰ মোকাবিলাক লৈ চৰকাৰ তথা মুখ্যমন্ত্ৰীক পুনৰ সমালোচনাৰে থকা-সৰকা কৰিলে বিধায়ক অখিল গগৈয়ে। অসমৰ বানপানীক কেন্দ্ৰই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগৰ লগতে অসম চৰকাৰে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি আনিব নোৱাৰিলে বুলি ক্ষোভ উজাৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

শেহতীয়াকৈ সংবাদমাধ্যমৰ আগত গগৈয়ে কয় যে, বিজেপি চৰকাৰৰ শাসন কালত ৰাজ্য চৰকাৰে বানৰ ক্ষতি পূৰণ হিচাবে কেন্দ্ৰৰ পৰা বিচাৰিছিল ২৮ হাজাৰ কোটি টকা ৷ কিন্তু কেন্দ্ৰই দিলে মাত্ৰ ২০৫ কোটি টকা ৷ ২০১৬ চনত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে ১০ হাজাৰ কোটি টকা বিচাৰি এটকাও নাপালে ৷

ইটাৰ পাছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীয়ে লগতে কয়-  ২০১৭ চনতো তদ্ৰুপ অৱস্থা। ২০১৬ চনৰ পৰা ২০২৩ চনলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্যকালৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ৮ টা বছৰত কেন্দ্ৰৰ পৰা বানৰ ক্ষতি পূৰণৰ বাবে অসম চৰকাৰে দিয়া ২৮ হাজাৰ কোটি টকাৰ স্মাৰকৰ বিপৰীতে কেন্দ্ৰই প্ৰদান কৰা ধনৰ পৰিমাণ মাত্ৰ ২০৫ কোটি টকা

এই ক্ষেত্ৰত অখিল গগৈয়ে দাবী উত্থাপন কৰে যে,  মুখ্যমন্ত্ৰীয়ে অসমৰ বানৰ ক্ষতি পূৰণৰ বাবে বিচৰা ধন কেন্দ্ৰৰ পৰা মোকলাই সাহসিকতাৰ পৰিচয় দিয়ক৷

বানৰ বাবে কেন্দ্ৰৰ পৰ্যাপ্ত পুঁজি আনি মুখ্যমন্ত্ৰীক সাহসিকতাৰ প্ৰমাণ দিবলৈ ক'লে বিধায়ক অখিল গগৈয়ে...
লংকাৰ কাকীত ভূ মাফিয়াৰ তাণ্ডৱ, বয়োজ্যেষ্ঠ মহিলাকো কৰিলে আক্ৰমণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in