ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীৰ ভয়ংকৰ বান পৰিস্থিতি সন্দৰ্ভত নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। তেওঁ কয় যে,অশোক সিংহল নামৰ বেপাৰীজনৰ পৰা গুৱাহাটীৰ উন্নয়ন দপ্তৰ বিভাগৰ দায়িত্ব কৰ্তন কৰিব লাগে। এজন বিল্ডাৰক দপ্তৰটো প্ৰদান কৰি উদক ভেটা ৰখীয়া পতাৰ দৰে কথা হে হৈছে। ৰঙা পানীৰ ওপৰত গৱেষণা কৰিবলৈ ৰাইজে অশোক সিংহলক মন্ত্ৰী পতা নাছিল।
লগতে কাজিৰঙাৰ পঞ্চতাৰকা যুক্ত হোটেল নিৰ্মাণ সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গগৈয়ে। তেওঁ কয় যে, কাজিৰঙাত পঞ্চ তাৰকা যুক্ত হোটেল নিৰ্মাণ কৰিব লাগে নে নালাগে সেই সন্দৰ্ভত অতি সোনকালে এক ৰাজহুৱা শুনানী গ্ৰহণ কৰিব লাগে।
ইয়াৰোপৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে কয় যে, অহা কালিলৈ কংগ্ৰেছৰ সৈতে এক বৈঠকত মিলিত হব লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সকলোৱে একেলগে খেলিব লাগে।
ইফালে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰা প্ৰসংগত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে। এনেকুৱা কথা ভাৰতৰ ইতিহাসত কোনো ঠাইতে নাই, এইয়া অসংবিধানিক,বিভাজনৰ ৰাজনীতি বুলিও ক্ষোভ উজাৰে। লগতে কয় যে, আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে শেখ হাসিনাৰ ঘটনাৰ পৰা শিক্ষা লোৱা উচিত।
Also Read: কিয় বিজেপিয়ে অকলে খেলিব পঞ্চায়ত নিৰ্বাচন ?
ৰঙা পানীৰ ওপৰত গৱেষণা কৰিবলৈ ৰাইজে অশোক সিংহলক মন্ত্ৰী পতা নাছিলঃ অখিল গগৈ

Follow Us