উজনিত অখিল গগৈৰ শক্তি প্ৰদৰ্শনঃ চিচিবৰগাঁও সমষ্টিত জনসভাৰ লগতে যোগদান কাৰ্যসূচী...

উজনিত অখিল গগৈৰ শক্তি প্ৰদৰ্শনঃ চিচিবৰগাঁও সমষ্টিত জনসভাৰ লগতে যোগদান কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
উজনিত অখিল গগৈৰ শক্তি প্ৰদৰ্শনঃ চিচিবৰগাঁও সমষ্টিত জনসভাৰ লগতে  যোগদান কাৰ্যসূচী...

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত শ্ৰীপানী লালুং গাৱঁৰ তিনি আলি বিহু মঞ্চৰ বাকৰিত দেওবাৰে চিচিবৰগাঁও সমষ্টি ৰাইজৰ দলৰ উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ ধেমাজি জিলা ৰাইজৰ দলৰ সভাপতি আনন্দৰাম দলেয়ে সভাপতিত্ব কৰা ৰাজহুৱা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে ধেমাজি জিলা ৰাইজৰ দলৰ সম্পাদক পুলেন চুতীয়াই ৷

চিচিবৰগাঁও সমষ্টি ৰাইজৰ দলৰ সম্পাদক অতনু চেতিয়াই আদৰণি ভাষন দিয়া পিছতেই ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদকদ্বয় অধিবক্তা বীৰেন্দ্ৰ গগৈ আৰু নৱজিৎ গগৈ , ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েং ,ৰাইজৰ দলৰ মুখ্য সাংগাঠনিক সম্পাদক ধৈৰ্য্য কোঁৱৰে বক্তব্য ৰখা পিছতেই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷

বক্তব্যত অখিল গগৈয়ে উপস্থিত ৰাইজক হাতযোৰ কৰি অনুৰোধ জনাই কওঁ যে মই এটি সৰু ৰাজনৈতিক দল ৰাইজৰ দলৰ সভাপতি হিচাপে সকলোকে প্ৰতিশ্ৰুতি দিছোঁ ৷ যদি এইবাৰ অসমৰ ৰাইজে ৰাইজৰ দলক চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ে তেন্তে ৫ বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন মানুহৰ খেতি পথাৰত পানী যোগান আঁচনি যোগান ধৰি বছৰত তিনিটা খেতি কৰিবলৈ সু- ব্যৱস্থা হাতত ল'ব ৷

আৰু প্ৰত্যেকজন মানুহে নিজৰ পথাৰত খেতি কৰিবই লাগিব৷ যদি পথাৰ থাকিও খেতি নকৰে তেনে মানুহৰ ওপৰত দুগুন পৰিমানৰ জৰিমনা ব্যৱস্থা গ্ৰহন কৰিব৷ তেওঁ বিজেপি,কংগ্ৰেছ আৰু অগপক তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কেৱল অৰুনোদয় দি হিতাধিকাৰী সৃষ্টি কৰা , কংগ্ৰেছে ৰাইজক ৰামঠন দি আঠুৱা, কম্বল বিলোৱা আৰু অগপই মানুহক অসম প্ৰেম দেখোঁৱাই বিদেশী খেদা শ্লোগান দি বছৰ বছৰ এইদৰেমিচাঁ প্ৰলোভন দি জাতীয়তাবাদী চৰিত্ৰ দেখোঁৱা লক্ষ্য কৰিছোঁ বুলি গগৈয়ে কটাক্ষ্য কৰে ৷

যদি ৰাইজৰ দলৰ চৰকাৰ হয় তেন্তে আৰম্ভণিতেই মই বৃদ্ধ- বিধৱা পেঞ্চন পাঁচ হেজাৰকৈ, অৰুনোদয় পাঁচ হেজাৰকে ধৰি অন্যান্য অংঙ্গনবাদী, শিক্ষক সকলৰ সমস্যা ,কম বেতন পোৱা কৰ্মচাৰী সকলৰ লগতে কৃষক সকলৰ বাবেও তৎকালীন পদক্ষেপ গ্ৰহন কৰিব বুলিও প্ৰতিশ্ৰুতি দি অসমৰ থলুৱা মানুহে পাব লগা সকলো অধিকাৰ লগতে ৰাজ্যৰ জলন্ত সমস্যা বানপানী, গঢ়াখহনীয়া আৰু মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰতো সুদুপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাৰ উল্লেখ কৰে ৷

প্ৰসংগক্ৰমে তেওঁ বক্তব্যত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ দুৰ্নীতি,ভ্ৰষ্টাচাৰ বিৰুদ্ধে সদায় মাত মাতি অহা কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাক বিধানসভাত গগৈয়ে বেজে যেনেকৈ সাপ নচুৱাই ঠিক একেদৰেই মইও মুখ্যমন্ত্ৰীক নচুৱাইছো আছোঁ বুলি কয় ৷ বিধান সভাত ৫১ জন বিৰোধী বিধায়ক থকা স্বতেও চৈৰাচাৰি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্তৰ বিৰুদ্ধে মাত মাতিবলৈ কোনেও সৎ সাহস নকৰে একমাত্ৰ মইয়ে যুঁজি আহিছোঁ বুলি অখিল গগৈয়ে দাবী কৰে ৷

২০২৬ চনত ৰাইজৰ দলে অতি ক্ৰমেও ২০ খন আসন পাব বুলি দাবী কৰে ৷ বক্তব্যত তেওঁ নতুন অসম গঢ়িবলৈ অখিল গগৈক মাত্ৰ এবাৰ সুবিধা দিয়ক ,অসমৰ মানুহৰ ভাগ্য সলনি হৈ যাব আৰু দিল্লী কপাই দিবলৈ বাধ্য কৰাই দিব বুলি অবগত কৰে ৷ ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যকৰী সভাপতি ৰুদ্ৰ ভূঞাঁৰ নেতৃত্বত সমষ্টিটোৰ এক শতাধিক কৰ্মীৰ লগতে বিজেপি ,অগপ আৰু কংগ্ৰেছৰ বহু কৰ্মকৰ্তাই আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে৷

অখিল গগৈ