২০২৬ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই আমি পাম ২০খন আসনঃ শিৱসাগৰত অখিল গগৈৰ দাবী...

২০২৬ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই আমি পাম ২০খন আসনঃ শিৱসাগৰত অখিল গগৈৰ দাবী...

author-image
Asomiya Pratidin
New Update
২০২৬ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই আমি পাম ২০খন আসনঃ শিৱসাগৰত অখিল গগৈৰ দাবী...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত আজি বিভিন্ন দল সংগঠনৰ ৫০০ ৰো অধিক কৰ্মী সহিতে প্ৰাক্তন নেতা কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে । এই উপলক্ষে অনুষ্ঠিত এখন জনসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ২০২৬ ৰ নিৰ্বাচনত ২০ খন আসনেৰে সৈতে চৰকাৰৰ অংশীদাৰ আৰু ২০৩১ চনত চৰকাৰ গঠনৰ পৰিকল্পনাৰে ৰাইজৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিলে ।

যোগদান কাৰ্যসূচীত উপস্থিত ৰাইজক শপত বাক্য পাঠ কৰোৱালে অখিল গগৈয়ে ।নামনি অসমত এক প্ৰকাৰে চমক সৃষ্টি কৰাৰ পিছত এইবাৰ গৃহ সমষ্টি শিৱসাগৰত অখিল গগৈ জঁপিয়াই পৰিল সাংগঠনিক অভিযানত ৷ পাঁচ শতাধিক লোকৰ যোগদান ৰাইজৰ দলত।

গৃহ সমষ্টিত জোৰদাৰ গতিত সাংগঠনিক অভিযান চলাইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰত আজি আয়োজন কৰা হয় ৰাইজৰ দলৰ সাংগঠনিক সমাৱেশ আৰু যোগদান সমাৰোহ।

এই সমাৱেশত শিৱসাগৰ জিলাৰ মগৰাহাট, কোৱামৰা, শলগুৰি, ৰংপুৰ আদিকে ধৰি বিভিন্ন গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ ৰাইজে অংশগ্ৰহণ কৰে। ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে অসমৰ ৰাইজৰ বাবে ৫ টা প্ৰতিশ্ৰুতি পূৰণ কৰিব অখিল গগৈয়ে।

অসমৰ সকলো পথাৰত পানী যোগান দিয়াৰ ব্যৱস্থা সম্পূৰ্ণ কৰা হ'ব। প্ৰতিদৰা পথাৰত তিনিবাৰ খেতি কৰিব পৰা ব্যৱস্থা কৰা হ'ব। প্ৰতিটো পৰিয়ালক ভূমি পট্টা ৫ বছৰৰ ভিতৰত প্ৰদান কৰি সম্পূৰ্ণ কৰা হ'ব।

অসমৰ প্ৰতিজন কৃষকক উৎপাদিত সামগ্ৰীৰ আচল মূল্য প্ৰদান কৰাৰ ব্যবস্থা কৰা হ'ব। মধ্যভোগী নাইকীয়া কৰা হ'ব। গ্ৰাহকে কম মূল্যত সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হ’ব। অখিল গগৈয়ে কয় - তিনিকোটি অসমীয়া মানুহৰ হাতত বেপাৰ নাই। ৰাইজৰ দলৰ চৰকাৰ হ'লে সকলো পাইকাৰী বেপাৰ অসমীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰা হ'ব।

অসমৰ প্ৰতিটো অঞ্চলত, গাঁৱে ভূয়ে উদ্যোগ স্থাপন কৰা হ'ব। আৰু অসমীয়া যুৱকে সংস্থাপন লাভ কৰিব। অসমক ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ পৰ্যটন ৰাজ্য হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হ'ব।

চৰকাৰে নিদিলেও ৰাইজৰ দলৰ ফাণ্ডৰপৰাও ৰাস্তা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে অখিল গগৈয়ে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় -ৰাইজৰ দলৰ সহায় নোহোৱাকৈ কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে। ২০২১ ত ১খন আসনত জয়ী হোৱা ৰাইজৰ দলে ২০২৬ ৰ নিৰ্বাচনত লাভ কৰিব ২০ খন আসন। তেওঁ লগতে কয়- ২০২৬ত বিজেপিক ব্ৰক্ষ্মপুত্ৰত দলিয়াই দিম। ৰাইজৰ দলৰ সহযোগ নোহোৱাকৈ ‘২৬ত কোনেও অসমত চৰকাৰ গঠন কৰিব নোৱাৰিব।

হিন্দু মুছলমানৰ ঐক্য মঞ্চ জিন্দাবাদ ধ্বনি অখিল গগৈৰ। সাম্প্ৰদায়িক ৰাজনীতি নচলিব বুলিও হুংকাৰ প্ৰদান কৰে গগৈয়ে। তেওঁ কয়, যোৱা লোকসভা নিৰ্বাচনতৰাইজৰ দলৰ এশ শতাংশ মানুহে গৌৰৱ গগৈক ভোট দিছিল। কংগ্ৰেছে আকৌ এবাৰ আমাক ঠগিলে। উপ নিৰ্বাচনত কংগ্ৰেছে আমাক লাঠ মাৰিলে আৰু কোনোদিন বিশ্বাসঘাতকতা সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে অখিল গগৈৰ।