'আজি বিধানসভাৰ প্ৰথম দিনাই, প্ৰথম প্ৰশ্নতে মোক বহিষ্কাৰ কৰা হৈছে'

'আজি বিধানসভাৰ প্ৰথম দিনাই, প্ৰথম প্ৰশ্নতে মোক বহিষ্কাৰ কৰা হৈছে'

author-image
Asomiya Pratidin
New Update
'আজি বিধানসভাৰ প্ৰথম দিনাই, প্ৰথম প্ৰশ্নতে মোক বহিষ্কাৰ কৰা হৈছে'

'আজি বিধানসভাৰ প্ৰথম দিনাই, প্ৰথম প্ৰশ্নতে মোক বহিষ্কাৰ কৰা হৈছে'

ডিজটেল ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হৈছে। প্ৰয়াত প্ৰাক্তন বিধায়ক তথা বড়ো জনগোষ্ঠীৰ নেতা চৰন বড়োকে ধৰি বিগত সময়ত প্ৰাণ ত্যাগ কৰা ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলক স্মৰণ কৰি আৰম্ভ হোৱা শীতকালীন অধিৱেশনত প্ৰশ্নোত্তৰ শিতান আৰম্ভ হোৱাৰ লগে লগে ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে বিভিন্ন প্ৰশ্নৰে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে।

ফলত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে তেওঁক প্ৰশ্নোত্তৰ শিতানৰ সময়ছোৱাৰ বাবে বিধানসভাৰ পৰা নিলম্বন কৰাৰ লগতে মাৰ্ছেল লগাই বাহিৰ কৰি দিয়ে। ইয়াৰ পিছতে বিধানসভাৰ বাহিৰলৈ আহি অখিল গগৈয়ে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয়, 'মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত প্ৰথম। ৪৮ গৰাকী মহিলাক যোৱাবছৰ ধৰ্ষণ কৰি হত্যা কৰা হৈছে অসমত। প্ৰতিদিনেই গুৱাহাটীৰ মাজমজিয়াৰ পৰা চেইন টানি বা কাণৰ ফুলি টানি নিৰ্যাতন কৰা হৈছে মহিলাক। এই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰোঁতে আজি বিধানসভাৰ প্ৰথম দিনাই প্ৰথম প্ৰশ্নতে মোক সদনৰ পৰা বিহিষ্কাৰ কৰা হৈছে।'

ক্লিক কৰি পঢ়কঃ বন্যহস্তীৰ আক্ৰমণত গোৱালপাৰাত পুনৰ এজনৰ মৃত্যু...

অখিল গগৈ