ডিজিটেল সংবাদ,বেকাজানঃ যোৰহাটৰ অন্যতম ক্রীড়া,সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান প্রগতি দ্য মোশ্যনে অসম ভিত্তিত প্ৰাইজমাণি কেৰম প্ৰতিযোগিতা আয়োজন কৰে। এই প্ৰতিযোগিতাত অসম ৰেংকিং ২ যোৰহাটৰ যুগল কিশোৰ দত্ত গুৱাহাটীৰ ভিকি সিঙক ( অসম ৰেংকিং ১) পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। আনহাতে ভেটাৰ্ণ শাখাত যোৰহাটৰ মনোহৰলাল গুপ্তাই ৰূপক গোস্বামীক পৰাজিত কৰি চূড়ান্ত বিজয়ী হয়।
আজিৰ খেলত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ শ্ৰী গৌৰৱ গগৈ আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা উপস্থিত হৈ খেলুৱৈ আৰু আয়োজক সকলোকে উৎসাহিত কৰে।খেলৰ শেষত গৌতম হাজৰাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী তথা গুণীজনক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অভিনেতা তথা সমাজ হিতৈষী শ্যমল চক্ৰৱৰ্তী, সমাজকৰ্মী মানবেন্দ্ৰ ৰয় আৰু প্ৰকৃতিপ্ৰেমী তথা সাংস্কৃতিক কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অভিজিত শইকীয়াই আঁত ধৰা বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈ অসম কেৰম সংস্থাৰ যুটীয়া সম্পাদক শৰ্মিলা বৰাই অসম কেৰমৰ প্রচাৰ আৰু প্ৰসাৰৰ এক চমু ইতিহাস দাঙি ধৰে। সভাত জিলা কেৰম সংস্থাৰ সভাপতি ৰূপক গোস্বামী, ৱাৰ্ড কমিছনাৰ তনুশ্ৰী দত্ত, প্ৰগতিৰ উপসভাপতি উৎপল ঘোষ আৰু সুমন মজুমদাৰ , শ্যামল চক্ৰবতী, মানবেন্দ্ৰ ৰয়, শৰ্মিলা বৰা, সমীৰ ৰয়, গৌতম হাজৰা আৰু দাতা পৰিয়ালৰ হৈ সুষমা দাস, ড: মীনাক্ষী শৰ্মা, চিম্পল মজুমদাৰ, প্ৰবিৰ চক্ৰৱৰ্ত্তী, ড: ৰানা শৰ্মা প্ৰতিযোগিতাৰ পুৰস্কাৰ তথা প্ৰাইমাণি বিতৰণ কৰে।
অসমৰ বিভিন্ন জিলাৰ শতাধিক প্ৰতিযোগী অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত শ্ৰেষ্ঠ শৃংখলাবদ্ধ খেলুৱৈৰ বঁটা লাভ ভেটাৰেনত ডিফুৰ ড: কে কে দাস আৰু গুৱাহাটীৰ ভিকি সিঙে। সভাত মেচ ৰেফাৰী প্ৰশান্ত নেওগ আৰু ড: ৰাণা শৰ্মাক সন্মানিত কৰা হয়।
Also Read: গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন : ফটো সাংবাদিক সৌৰভ দুৱৰালৈ 'ফটো সাংবাদিকতা বঁটা'