শিৱসাগৰত আৰম্ভ সদৌ অসম শিশুনাট সমাৰোহ, ৪১টা শিশু নাট্যদলৰ অংশগ্ৰহণ...

শিৱসাগৰত আৰম্ভ সদৌ অসম শিশুনাট সমাৰোহ,  ৪১টা শিশু নাট্যদলৰ অংশগ্ৰহণ...
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ পাৰ্থ প্ৰতিম বৰা, আকাশ দুৱৰী, জিতুজ্যোতি গায়ন, ৰাতুল ভৰালীকে ধৰি একাংশ যুৱক সহিতে ভালেসংখ্যক ব্যক্তিয়ে যোৱা তেৰটা বছৰধৰি শিশু সকলক অভিনয়ৰ যোগেদি সঠিক পথেৰে আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই সকল যুৱকৰ উদ্যোগত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত থকা শিৱসাগৰ যুৱদলত শ শ শিশু তথা কিশোৰ কিশোৰীয়ে সাৱলীল অভিনয় কৰি নাট্যপ্ৰেমী সকলক মন্ত্ৰমুগ্ধ কৰিছে ৷ কালি পুৱাৰে পৰা আজি দুপৰীয়ালৈকে  ৩০ টা শিশু নাট্য দলে নাট মঞ্চস্থ কৰি যুৱদলত উখল মাখল পৰিবেশৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে শিৱসাগৰ  নাট্য বিদ্যালয়ৰ উদ্যোগত  কালি পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰামধেনু যুগৰ কবি বেণু চিৰিং সোঁৱৰণী ত্ৰয়োদশ সদৌ অসম শিশু নাট সমাৰোহ ৷ এই সমাৰোহত কোকৰাঝাৰ, বৰপেটা, কামৰূপ, নলবাৰী, তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, মঙলদৈ, যোৰহাট, গোলাঘাট, লখিমপুৰ সহিতে অসমৰ প্ৰতিখন জিলাৰ শিশু নাট্য দলে ৷ শিৱসাগৰ জিলাৰ কেইবাটাও শিশু নাট্য দল সহিতে মুঠ ৪১ টা নাট্য দলে সমাৰোহত অংশগ্ৰহণ কৰিছে ৷ কালি দিনৰ প্ৰায় দহ বজাত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত শিশুনাট সমাৰোহৰ শুভাৰম্ভ হয় ৷

উদ্বোধনী অনুষ্ঠানৰ আঁতধৰে উদ্যোক্তা  আকাশ দুৱৰী, পাৰ্থ প্ৰতীম বৰা আৰু  ঋতুপৰ্ণ বৰগোহাঁইয়ে ৷ উদ্যোক্তা সকলে এইবাৰ মঞ্চখন উৎসৰ্গা কৰিছে অসম আন্দোলনৰ অন্যতম নেতা তথা সিংহপুৰুষ প্ৰণৱজিৎ চলিহা (ৰমু চলিহা) ৰ স্মৃতিত ৷ প্ৰণৱজিত চলিহা সোঁৱৰণী মঞ্চ মুকলি কৰি অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনিতা শইকীয়া দেয়ে ৷ মঞ্চ মুকলি অনুষ্ঠানত প্ৰয়াত প্ৰণৱজিৎ চলিহাৰ পত্নী ৰাকা চলিহা উপস্থিত থাকে ৷

সমাৰোহৰ  আৰম্ভণিতে  মুখ্য  তোৰণ উন্মোচন কৰি এনামউদ্দিন আহমেদে শিৱসাগৰৰ একাংশ লোকে ইতিবাচক চিন্তাৰে শিশুসকলক নাটকৰ লগত জড়িত কৰি সমাজ সুন্দৰ কৰাৰ প্ৰয়াস কৰাৰ কথা দোহাৰি উদ্যোক্তা সকলক প্ৰশংসা কৰে ৷ শিৱসাগৰত একেলেথাৰিয়ে ১৩ টা বছৰধৰি সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ সুচাৰুৰূপে অনুষ্ঠিত কৰি অহা শিৱসাগৰ নাট্য বিদ্যালয়ক এই ধাৰা অব্যাহত ৰখাৰ বাবে তেওঁ আহ্বান জনাই ৷

পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দিলীপ চাংমাইয়ে ৷অনুষ্ঠানত উপস্থিত থকা কাৰ্যকৰী সভাপতি ৰাতুল ভৰালী, দিলীপ শইকীয়া , শিৱসাগৰ নাট্য বিদ্যালয়ৰ সভাপতি ডা° গোবিন্দ সন্দিকৈ, মুখ্য সম্পাদক জিতুজ্যোতি গায়নে স্মৃতি তৰ্পণ কৰাৰ লগতে চমু বক্তব্য আগবঢ়াই ৷ 

শিশু নাট সমাৰোহ উদ্বোধন কৰি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰতীম শৰ্মাই কয় যে ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ বিকাশত নাটকে সহায় কৰে ৷ তদুপৰি ছাত্ৰ ছাত্ৰীৰ মাজত নাটকৰ চৰ্চাই যোগাযোগ বৃদ্ধিত সহায় কৰে বুলি দোহাৰি  এনে সমাৰোহৰ প্ৰয়োজন থকা বুলি তেওঁ মন্তব্য কৰে ৷

এই অনুষ্ঠানতে প্ৰশান্ত বৰগোহাঁইৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ‘ অংকুৰণ’ উন্মোচন কৰি বিশিষ্ট সাংবাদিক মনোজ বৰঠাকুৰে কয় শিশু নাট পৰম্পৰা অতি পুৰণি ৷ শিশুৰ সৰ্বাংগীণ বিকাশত শিশু নাট সমাৰোহে সহায় কৰে ৷

নিমাইজানৰ সুৰ সমলয়  শিল্পী সকলে নৃত্য গীত পৰিৱেশন কৰা উদ্বোধনী অনুষ্ঠানত অভিনেতা অসীম কৃষ্ণ বৰুৱা উপস্থিত থাকে ৷ সমাৰোহৰ পূৰ্বে শিৱসাগৰ নাট্য বিদ্যালয়ৰ শিশু কিশোৰৰ দলে নাট্যকাৰ পৰিণীতা শৰ্মা বেজবৰুৱাৰ “ বান্দৰে নাৰিকলৰ মূল কি জানে” নামৰ নাটখন মঞ্চস্থ কৰে ৷ নাটখন পৰিচালনা কৰে ৰূপম বেজবৰুৱা আৰু অভিলাষা ভৰদ্বাজে ৷

তাৰ পিছতেই সমাৰোহৰ প্ৰথমখন নাট “ মোৰ মন যায়” মঞ্চস্থ কৰে শিৱসাগৰ ধিতাইপুখুৰী শিলাকুটী এম ই স্কুলৰ নাট্য দলে ৷ নাট্যকাৰ মহেন্দ্ৰ বৰাই নাটখন নিজেই পৰিচালনা কৰে ৷ নাটখনৰ বিভিন্ন চৰিত্ৰত শিশু শিল্পী সুৰজিত গোহাঁই,  হীৰকজ্যোতি গগৈ, উন্মনা প্ৰয়াসী বৰা, মাধূৰ্য্য গোহাঁই, মানসজ্যোতি বুঢ়াগোহাঁই, শ্ৰুতি দত্ত, কৃষ্ণ গোহাঁই, মেঘালী কটকী, জয়ন্ত ভূমিজ, তন্ময় দোলাকাষৰীয়া, প্ৰতীম দত্ত, সুৰঞ্জনা বুঢ়াগোহাঁই, কুহি কটকী আৰু পৰিণীতা ফুকনে সুন্দৰ অভিনয়েৰে দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়৷

তাৰ পিছতেই লাকুৱাৰ উজ্জীৱন মইনা পাৰিজাতে নাটকৰ সঞ্জীৱ বাইলুং “ আমি পোহৰ বিচাৰি যাওঁ” নামৰ নাটখন মঞ্চস্থ কৰে ৷ নাটখন পৰিচালনা কৰে ভাৰতী বৰুৱাই ৷ শিৱসাগৰ নাট্য দলে নাট্যকাৰ দীপক দত্তৰ “ দুষ্ট দুলুৰ সুষ্ঠ বুদ্ধি” নামৰ নাটখন মঞ্চস্থ কৰে ৷শিৱসাগৰ মেটেকাৰ জেউতি মইনা পাৰিজাতে নাট্যকাৰ প্ৰণৱ কলিতাৰ ডাইৰেক্ট ৰাণী নাট পৰিৱেশন কৰে ৷ নাটখনৰ বিভিন্ন চৰিত্ৰত বৰ্ণিল হাজৰিকা, শতাব্দী দত্ত, সমীক্ষা দত্ত, হীৰকজ্যোতি বৰা, ৰণাভ বৰুৱা, আদিত্য ঋষভ বৰা, অংকিতজ্যোতি বৰাই সুন্দৰ অভিনয় কৰে ৷

মৰাণৰ কলামন্দিৰ নাট্য দলে নাটকৰ বিৰিঞ্চি বৰাৰ “ অন্তিমৰ ঐক্যতান” নাটখন মঞ্চস্থ কৰে ৷ ডিমৌ নৃত্যালয় নাট্যদলে নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ “ এদিন ঘৰত অকলে” নামৰ নাটখন জানমণি তামুলীৰ পৰিচালনাত মঞ্চ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ ৰামধেনু নাট্যগোষ্ঠীৰ নাট্যদলে নাট্যকাৰ উজ্জ্বল খনিকৰৰ “ ঔ তলৰ ভূত” নাটখন মঞ্চস্থ কৰে ৷ 

নাটকৰ মাজতেই  বিশিষ্ট নাট্যকৰ্মী শুভ্ৰম বৰকটকী, যুগল গগৈ, গীতিকানন্দা বৰদলৈ, কৌশিক ফুকন, তীব্ৰজ্যোতি বৈৰাগী, কল্পজ্যোতি গগৈ, মনোজ দত্ত, মন ৰাজগুৰু, অঞ্জুু চিৰিং ফুকন আৰু পাল্কী গগৈক সম্বদ্ধনা জনাই ৷ কাইলৈ পুৱাৰে পৰা নিশালৈ নামনি অসম আৰু মধ্য অসমৰ ২০ টা শিশু নাট্যদলে নাট মঞ্চস্থ কৰিব ৷ আজি নিশা সমাৰোহৰ অন্তত ডা° সৰ্বেশ্বৰ ভূঞাক “ সৌৰভপ্ৰাণ শিৱসাগৰ” বঁটা প্ৰদান কৰা হ’ব ৷ তদুপৰি শ্ৰেষ্ঠ দল, অভিনেতা, অভিনেত্ৰীক বঁটা প্ৰদান কৰা হ’ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in