সৰ্বভাৰতীয় ফুটবল ৰেফাৰী শাৰীৰিক সক্ষমতা পৰীক্ষাত উজলিল অসম সন্তান

সৰ্বভাৰতীয় ফুটবল ৰেফাৰী শাৰীৰিক সক্ষমতা পৰীক্ষাত উজলিল অসম সন্তান
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাট: অসমৰ বাবে এটি সু-খবৰ। সৰ্বভাৰতীয় ফুটবল ৰেফাৰীৰ শাৰীৰিক সক্ষমতা পৰীক্ষাত অসমৰ দুজনকৈ ৰেফাৰীয়ে উক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াইছে। উৰিষ্যাৰ ভূৱনেশ্বৰ এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত সৰ্বভাৰতীয় ফুটবল ৰেফাৰীৰ শাৰীৰিক সক্ষমতা পৰীক্ষাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৬২জন ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰীয়ে অংশগ্ৰহণ কৰিছিল।

তাৰে ভিতৰত মুঠ ১১ জন ৰেফাৰীয়ে উক্ত শাৰীৰিক সক্ষমতা পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। এই ১১জনৰ ভিতৰত অসমৰে ২জনে ৰেফাৰীয়ে উত্তীৰ্ণ হয় আৰু তেওঁলোক হ’ল যোৰহাটৰ পৱন চন্দ্ৰ পাঠক আৰু কোকৰাঝাৰৰ প্ৰেম নাৰ্জাৰী। এনেদৰে এখন ৰাষ্ট্ৰীয় পৰীক্ষাত উত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা দুইজন ৰেফাৰীলৈ অসম ফুটবল সন্থা আৰু সদৌঅসম ৰেফাৰী কল্যান সমিটিয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

সৰ্বভাৰতীয় ফুটবল ৰেফাৰী শাৰীৰিক সক্ষমতা পৰীক্ষাত উজলিল অসম সন্তান
বিশ্বনাথৰ নৱ নিৰ্মিত জিলা চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in