কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে উত্থাপন গুৰুতৰ অভিযোগ...

অসম প্ৰশাসনিক সেৱাত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰে এটি পৰিয়ালক সৰ্বস্বান্ত কৰিছিল নেতা গৰাকীয়ে

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে উত্থাপন গুৰুতৰ অভিযোগ...

ডিজিটেল ডেস্ক : কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ । ২০ বছৰ পূৰ্বে এডোখৰ মাটিৰ মালিকীস্বত্বৰ বাবে অবৈধ ভাৱে চক্ৰ বিষয়াৰ কাৰ্যালয়ত মহকুমা আয়ুক্তৰ পদবীৰ লোভ দেখুৱাইছিল নেতা গৰাকীয়ে । এই অভিযোগ উত্থাপন কৰিছে ভোগেশ্বৰ শইকীয়া নামৰ এগৰাকী প্ৰৌঢ় ব্যক্তিয়ে ।

১৯৯১ চনত ভোলা ভৰালী নামৰ এগৰাকী ব্যক্তিৰ পৰা ৭ বিঘা মাটি ক্ৰয় কৰিছিল ভোগেশ্বৰ শইকীয়াই । তাৰ প্ৰায় এটা দশক পাছত মাটি ডৰাত চকু পৰিছিল বিধায়ক ভৰত নৰহৰ । বিক্ৰী কৰিবলৈ অসন্মতি প্ৰকাশ কৰাত ভোগেশ্বৰ শইকীয়াক মাটিৰ উচিত মূল্যতকৈ অধিক প্ৰদান কৰাৰ ওপৰিও শইকীয়াৰ পুত্ৰক অসম লোকসেৱা আয়োগত প্ৰসাশনিক পদত চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিযুক্তি দিয়াৰো প্ৰলোভন দিছিল বিধায়ক গৰাকীয়ে । সেই প্ৰলোভনেৰেই মাটি খিনি নিজৰ দখললৈ অনা ভৰত নৰহে আজিকোপতি ভোগেশ্বৰ শইকীয়াক প্ৰদান নকৰিলে মাটি ডৰাৰ উচিত মূল্য ।

উল্লেখ্য যে, মাটি ডৰাৰ মালিকীস্বত্ব বৰ্তমানো ভোগেশ্বৰ শইকীয়াৰ নামতেই আছে । নামজাৰী কৰা হোৱা নাই মাটি ডৰাৰ । অৰ্থাৎ অবৈধ ভাৱে দখল কৰা হৈছিল ভোগেশ্বৰ শইকীয়াৰ ৭ বিঘা মাটি ।

assam bharat narah