মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
Published on
Updated on

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নানা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজ আৰু শিক্ষানুষ্ঠানখনিত অধ্যয়নৰত সৰহ সংখ্যক ছাত্র ছাত্ৰীৰ অভিভাৱক সৰৱ হৈ পৰিছে। শিক্ষানুষ্ঠানখনত নানা অনিয়ম সংঘটিত হোৱা আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ কৰি সোমবাৰে স্থানীয় ৰাইজ আৰু অভিভাৱকে এই ক্ষেত্ৰত বিহিত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ অনুৰোধ জনাই চৰাইদেউ জিলাৰ আয়ুক্তলৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ বিষয়ে জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ হাতত আহি পৰা অভিযোগ পত্ৰখনত এইবুলি অভিযোগ কৰা হৈছে যে স্থানীয় ৰাইজৰ কায়িক আৰু আৰ্থিক দানেৰে প্ৰতিষ্ঠা কৰা এই শিক্ষানুষ্ঠানখনিৰ হীৰক জয়ন্তী বৰ্ষ বিগত বৰ্ষত আড়ম্বৰ ৰূপত উদযাপন কৰা হয় যদিও ইয়াৰ অধ্যক্ষা গৰাকীয়ে শিক্ষানুষ্ঠান খনিৰ ভৱিষ্যত বিপদাপন্ন কৰাৰ স্তৰলৈ লৈ গৈছে। অভিযোগ পত্ৰখনত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ নিম্নগামী হোৱা, শিক্ষা বিভাগৰ কোনো বিষয়া শিক্ষানুষ্ঠানখনলৈ আহিলেহে মধ্যাহ্ন ভোজন ছাত্র-ছাত্ৰীৰ মাজত বিতৰণ কৰা, নিম্নমানৰ খাদ্য বিতৰণ কৰা, বিদ্যালয়ৰ আন্তঃগাথনি নিম্নমানৰ হোৱা, সময়মতে ইউনিফৰ্ম, চাইকেল বিতৰণ নকৰা আদি অভিযোগ উত্থাপন কৰিছে।

ইয়াৰোপৰি শ্ৰেণীকোঠাৰ ফেনসমূহ দীৰ্ঘদিন ধৰি অচল হৈ থকা আৰু ছাত্র-ছাত্ৰীৰ অনুপাতে ডেক্স বেঞ্চ নথকা, বিশুদ্ধ খোৱাপানীৰ অভাৱ, শৈক্ষিক সভা অনুষ্ঠিত নকৰা, অধ্যক্ষা গৰাকী সময়মতে বিদ্যালয়লৈ নহা, অনুশাসন মূলক ব্যৱস্থা দুৰ্বল হোৱাৰ বাবে বিদ্যালয়ৰ চাৰিসীমাত বেৰা নথকাৰ সুযোগ লৈ একাংশ ছাত্র ছাত্ৰী শ্ৰেণী কোঠা এৰি বিদ্যালয় চৌহদৰ বাহিৰত ঘূৰি ফুৰা, ছাত্র ছাত্ৰীৰ বাবে প্ৰস্বাৱগাৰ পৰ্যাপ্ত নোহোৱা আৰু থকা কেইটাও তথৈবচ অৱস্থা হোৱা আৰু বিদ্যালয় পৰিচালনা সমিতিখন অধ্যক্ষাগৰাকীয়ে বিদ্যালয়ৰ সৈতে কোনো সম্বন্ধ নথকা লোকৰে গঠন কৰাৰ অভিযোগ কৰা হৈছে।

ইয়াৰোপৰি পত্ৰখনত অধ্যক্ষাগৰাকীয়ে কৰ্তব্যত যোগদান কৰা দিন ধৰি বিদ্যালয় খনলৈ অহা আন্তঃগাথনি উন্নয়ন পুঁজিৰ ধন ব্যয়, ক'ভিড কালত মধ্যাহ্ন ভোজনৰ টকা পইচাৰ হিচাব সন্দৰ্ভত তদন্তৰ দাবী জনোৱা হৈছে। মনকৰিবলগীয়া এয়ে যে ইতিমধ্যে বিদ্যালয়খনৰ আভ্যন্তৰীণ এলানি বিষয়ত জিলা আয়ুক্তই দণ্ডাধীশ পৰ্যায়ত তদন্তৰ নিৰ্দেশ দিয়াত তদন্তৰ সময়ছোৱাত সোমবাৰে দণ্ডাধীশৰ উপস্থিতিত বিদ্যালয়ৰ এটা কোঠাত বুজন সংখ্যক ইউনিফৰ্ম আৰু চাইকেল পৰি থকা স্পষ্ট হৈ পৰিছে বুলি অভিযোগ পত্ৰখনত উল্লেখ কৰা হৈছে।

মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
মঙলদৈত খাদ্যত বিষক্ৰিয়াঃ অসুস্থ একে পৰিয়ালৰ ৩ গৰাকীকৈ লোক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in