ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভাৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়। ইতিমধ্যে নিৰ্দিষ্ট সমষ্টিয়ে সমষ্টিয়ে বিজেপিয়ে আৰম্ভ কৰিছে সাংগঠনিক কামকাজ। নিৰ্বাচনলৈ মাজত এতিয়াও আছে সম্পূৰ্ণ ১ টা বছৰ। শাসনত থকা দলটোৱে ২০২৪ ৰ নিৰ্বাচনত যাতে কোনো কাৰণতে দলটো বিপদত পৰিব নালাগে তাৰ আগতীয়া প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
এনে এক প্ৰস্তুতিৰ অংশ হিচাপেই বিজেপিয়ে আজি আবেলি প্ৰায় ৪:৩০ বজাত এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে। এই বৈঠকত সকলো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকখন ৰাজধানী দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব।
উল্লেখ্য যে বিজেপিৰ শীৰ্ষ নেতৃত্বই সকলো কেন্দ্ৰীয় মন্ত্ৰীক এনে ১৪৪ খন লোকসভা আসনৰ দায়িত্ব দিছিল য'ত ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দ্বিতীয় বা তৃতীয় স্থানত আছিল। কেন্দ্ৰীয় মন্ত্ৰীসকলক এই নিৰ্ধাৰিত সমষ্টি কেইটালৈ গৈ দলীয় সাংগঠিক ভেঁটি শক্তিশালী কৰিবলৈ কোৱা হৈছিল।
কেন্দ্ৰীয় মন্ত্ৰীসকলে শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত এই সমষ্টিসমূহ পৰিদৰ্শন কৰি দলীয় কৰ্মীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰচেষ্টা চলোৱাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছিল। অসমত নগাওঁ আৰু কলিয়াবৰ লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলীয়ে তেনে বৈঠকত অংশগ্ৰহণ কৰিছিল।
আজি বিয়লি অনুষ্ঠিত হ'বলগীয়া বৈঠকত এই ১৪৪ খন আসনৰ বিষয়ে মন্ত্ৰীসকলৰ পৰা মতামত লোৱা হ'ব। বৈঠকত মন্ত্ৰীসকলে সংগ্ৰহ কৰা বিভিন্ন তথ্যৰ আধাৰত ২০২৪ চচনৰ লোকসভা নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰস্তুতি সম্পূৰ্ণ কৰা হ'ব। ইয়াৰ উপৰিও মন্ত্ৰীসকলৰ পৰামৰ্শ আৰু মতামতক গুৰুত্ব দিয়েই পৰৱৰ্তী সময়ত প্ৰাৰ্থী নিৰ্বাচনত গুৰুত্ব দিব বুলি জানিব পৰা গৈছে।