মণিপুৰত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হ’বঃ অমিত শ্বাহ

মণিপুৰত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হ’বঃ অমিত শ্বাহ
Published on
Updated on

ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰৰ জিৰিবামৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিক এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয় যথেষ্ট তৎপৰ হোৱা দেখা গৈছে। সোমবাৰে সন্ধিয়া নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অনুষ্ঠিত হয়। বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।

সূত্ৰ অনুসৰি এই বৈঠক সন্ধিয়া গৃহ মন্ত্ৰালয়ৰ নৰ্থ ব্লক কাৰ্যালয়ত অনুষ্ঠিত হয়। অৱশ্যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই বৈঠকলৈ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল। দেওবাৰে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকে অমিত শ্বাহৰ কাৰ্যালয়ত সাক্ষাৎ কৰি মণিপুৰত নতুনকৈ হিংসাৰ পিছত নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। 

জানিব পৰামতে এই বৈঠকত মণিপুৰৰ মুখ্য সচিব, ডিজিপি, সেনা, নিৰাপত্তা বাহিনীৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়া ,কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব অজয় ​​ভল্লা, চোৰাংচোৱাৰ সঞ্চালক তপন ডেকাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশ লয়। বৈঠকত জিৰিবামত নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ বিষয়ে পুনৰীক্ষণ কৰি ৰাজ্যত ধন দাবীৰ ক্ৰমবৰ্ধমান গোচৰ বৃদ্ধি পোৱা সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে।

একে সময়তে গোষ্ঠী সংঘৰ্ষত লুট কৰা অস্ত্ৰ-শস্ত্ৰ ৰাজ্যৰ অস্ত্ৰভাণ্ডাৰলৈ ঘূৰাই নিদিয়াটোও পৰ্যালোচনা কৰা হৈছে। ৰাজ্যখনত দীৰ্ঘদিন ধৰি চলি অহা অশান্তিৰ স্থায়ী সমাধানৰ বাবে শান্তিপূৰ্ণ আলোচনাৰ ব্যৱস্থাৰ মূল্যায়ন কৰা বুলিও জানিব পৰা গৈছে। 

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মণিপুৰত যাতে অধিক হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে নির্দেশ জাৰি কৰে। তেওঁ লগতে ঘোষণা কৰে যে প্ৰয়োজন হ’লে ৰাজ্যত অতিৰিক্ত বাহিনী মোতায়েন কৰা হ’ব। একে সময়তে হিংসাৰ দোষীৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দৃঢ় নিৰ্দেশ জাৰি কৰে।

সাহায্য শিবিৰৰ পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ তেওঁ মণিপুৰৰ মুখ্য সচিব বিনীত যোশীক নিৰ্দেশ দিয়ে। স্থানচ্যুত লোকসকলক যাতে স্বাস্থ্য আৰু শিক্ষাৰ সুবিধা আৰু পুনৰ্বাসনৰ সঠিক সুবিধা প্ৰদান কৰা হয়।

তেওঁ লগতে ঘোষণা কৰে যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অতি সোনকালে দুয়োটা সম্প্ৰদায়ৰ সৈতে জাতিগত বিভাজন দূৰ কৰিবলৈ আলোচনা কৰিব। উল্লেখযোগ্য যে কুকি উগ্ৰপন্থীয়ে সাৰতকুমাৰৰ যোৱা ১০ জুনত জিৰিবাম জিলাৰ কেইবাখনো গাঁৱত অগ্নিসংযোগ কৰাৰ পিছতে এই হিংসাত্মক ঘটনাত ৯০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

মণিপুৰত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হ’বঃ অমিত শ্বাহ
মই কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়তেই ৰে'ল বিভাগত উন্নয়ন হৈছিলঃ মমতা বেনাৰ্জী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in