মানকাচৰত জিলা প্ৰশাসনৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলন...

মানকাচৰত জিলা প্ৰশাসনৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলন...
Published on
Updated on

ডিজিটেল সংবাদ, মানকচাৰঃ "এটা গছ মাতৃৰ বাবে" শীৰ্ষক কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি দ্বিতীয় অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

কাৰ্য্যসূচীৰ অংশ হিচাপে আজি জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিলা অতিৰিক্ত আয়ুক্ত ৰিপোন জ্যোতি নাথৰ উপস্থিতিত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীত জিলাখনৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে।

এই কাৰ্য্যসূচীৰ জৰিয়তে অংগনবাদী কৰ্মী আৰু আত্মসহায়ক গোটৰ সদস্যসকলক গছপুলি বিতৰণ কৰা হয়। একেদৰে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত গছপুলি ৰোপন কৰি জিলাখনত অমৃত বৃক্ষ আন্দোলন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা। যোৱা বেলি জিলাখনত ১ লাখ ১০ হাজাৰ গছপুলি ৰোপন কৰা হৈছিল। এইবাৰ ২ লাখ ৩০ হাজাৰ গছপুলি ৰোপন কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি হাতত লৈছে।

মানকাচৰত জিলা প্ৰশাসনৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলন...
ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উদয়পুৰ ছেইণ্ট পল বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in