আমোলাপট্টিত এঘৰত চোৰৰ লুটপাতঃ ৩ লাখ টকাৰ গহনা চুৰি

আমোলাপট্টিত এঘৰত চোৰৰ লুটপাতঃ ৩ লাখ টকাৰ গহনা চুৰি
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰত চোৰৰ চাফাই অভিযান। চহৰখনৰ আমোলাপট্টিত গৃহস্থ নথকাৰ সুবিধা লৈ চোৰে লুটি নিলে মূল্যবান সামগ্ৰী। মঙলবাৰে নিশা প্ৰশান্ত কুমাৰ বৰাৰ ঘৰত সংঘটিত চুৰিৰ ঘটনা পোহৰলৈ আহে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে,চিকিৎসাজনিত কাৰণত গুৱাহাটীৰ পৰা প্ৰশান্ত কুমাৰ বৰা মঙলবাৰে নিশা নগাঁৱৰ আমোলাপট্টিৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে ঘৰৰ দুৱাৰৰ খোলা অৱস্থাত প্ৰত্যক্ষ কৰে।

ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বৰাৰ পৰিয়ালে আলমিৰা আদি খোলা,ঘৰৰ আচবাব মজিয়াত সিঁচৰিত হৈ থকা দেখি আৰক্ষীক খবৰ দিয়ে । জানিব পৰা মতে প্ৰায় ৩ লাখ টকাৰ গহনা, নগদ ৮০ হাজাৰ টকাৰ লগতে আন মূল্যবান সামগ্ৰী চোৰে লুটি নিয়ে।

চোৰে চুৰি কাৰ্য সংঘটিত কৰাৰ লগতে ঘৰৰ ভিতৰত মদ্যপান কৰি চি চি টিভিৰ মনিটৰটো লৈ যায়। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

আমোলাপট্টিত এঘৰত চোৰৰ লুটপাতঃ ৩ লাখ টকাৰ গহনা চুৰি
ডিমৌৰ দিচাং দলঙৰ ৰেলিং ভাঙি পানীত পৰিল ট্ৰাকঃ উদ্ধাৰ অভিযান অব্যাহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in