দিছপুৰলৈ এতিয়াও বহুদূৰ...

দিছপুৰলৈ এতিয়াও বহুদূৰ...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

কংগ্ৰেছৰ বাবে এতিয়া এলাগী নেকি অখিল, লুৰীণ আৰু বিপদৰ সময়ত তেওঁলোকক সংগ দিয়া ৰাজনৈতিক সংগীসকল। আজি অসমত কংগ্ৰেছৰ অলপ যি গ্ৰহণযোগ্যতা লোকসভা নিৰ্বাচনৰ পাছত সৃষ্টি হোৱা পৰিৱেশ হৈছে, সেই পৰিৱেশ কংগ্ৰেছ নেতৃত্বই তৈয়াৰ কৰিব পৰা নাছিল।

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ থৰক-বৰক অৱস্থাত বিৰোধী শক্তিৰ আত্মপ্ৰকাশে আৰু গৌৰৱ গগৈক লৈ মানুহৰ মাজত সৃষ্টি হোৱা আশাবাদে দলটোক কিছু সকাহ দিছিল। কিন্তু অসমৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰেক্ষাপটত কংগ্ৰেছ নেতৃত্বই যি ভূমিকা পালন কৰিবলৈ গৈ আছে সেয়া দলটোৰ বাবে ভৱিষ্যতৰ সময়ত সুখকৰ নহ’ব।

বিৰোধীৰ আন শক্তিসমূহক সম্পূৰ্ণ একাষৰীয়া কৰি কংগ্ৰেছে অসমত অন্তঃত দেশৰ আন প্ৰান্তৰ দৰে সফলতা বুটলিবলৈ সক্ষম হ’ব বুলি ভৱাতো এক ৰাজনৈতিক অদূৰদৰ্শীতাৰ চিন। নগাঁও লোকসভা, ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী কৰাত কংগ্ৰেছতকৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ভূমিকা বেছি আছিল।

সেই কথা ভূপেন বৰাই পাহৰি গৈ লোকসভা নিৰ্বাচনত লাভ কৰা সফলতা কেৱল কংগ্ৰেছৰ সফলতা বুলি ধৰি লোৱাতো মহা ভুল হ’ব। ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

অখিল গগৈৰ সেই প্ৰতিক্ৰিয়াত যুক্তি আছে। গগৈয়ে কৈছে- কংগ্ৰেছে যদি অকলে উপ নিৰ্বাচন খেলিব বিচাৰিছে, তেন্তে সেয়া বিৰোধী ঐক্য মঞ্চৰ বাবে দুভাগ্যজনক হ’ব। তেওঁ বিৰোধী ঐক্য মঞ্চৰ বৈঠক আয়োজন কৰি সৰ্বসন্মত সিদ্ধান্তমৰ্মে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা পোষকতা কৰিছে।

ৰাজীৱ ভৱনত মাৰাথান বৈঠক অনুষ্ঠিত কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জীতেন্দ্ৰ সিঙৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৫টা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ১৭জনীয়া তালিকা প্ৰস্তুত কৰিছে। সেই তালিকাত নাম আছে ভূপেন বৰাৰো।

ৰাজীৱ ভৱনৰ পৰা সেই বৈঠক গৈ হোটেল লিলি পালেগৈ। চৰ্চা চলিছে বন্ধ কোঠাত কংগ্ৰেছ নেতৃত্বই ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি ছীল-মোহৰ মাৰিব। অত্যুতসাহী ভূপেন বৰাই পাহৰি পেলাইছে ৰাইজৰ দলৰ নেতা অখিল গগৈ, অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈক।

বাকী আপ বা বাওঁ দলৰ নেতাসকলৰ কথা বাদেই। লোকসভা নিৰ্বাচনৰ সকলো সময়তে এই দুই নেতাৰ কান্ধত হাত থৈ ভূপেন বৰাই নিৰ্বাচনী বৈতৰণী ৰচনা কৰিছিল। সেইবোৰ এতিয়া যেন পাহঁৰণিৰ গৰ্ভত হেৰাই যোৱা ৰাজনৈতিক স্মৃতি!

ৰাজনৈতিক মিত্ৰতা স্থাপনেৰে শাসনৰ সপোন দেখা দলটোৱে এটা খোজ আগবঢ়াই দিয়ে মিত্ৰসকলক এনেদৰে একাষৰীয়া কৰি দিয়াতো হয়তো কংগ্ৰেছৰ এক সংস্কৃতি। লুৰীণজ্যোতি গগৈ বুধিয়ক আৰু অযথা বিষয়ত মাত নমতা মানুহ। কিন্তু অখিল গগৈয়ে সেই পথ অনুসৰণ নকৰি ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে যে, তেওঁলোকে সিদ্ধান্ত ললে, গগৈৰ দলেও অনুৰূপ সিদ্ধান্ত লবলৈ বাধ্য হ’ব।

সন্মুখত পঞ্চায়ত নিৰ্বাচন। তাৰ পাছতেই ২০২৬ৰ বাবে ৰাজ্যৰ ৰাজনীতিত চলিব প্ৰস্তুতি। তেনে সময়ত এনে সৰু সৰু ভুলবোৰে সম্ভাৱনা থকা বিৰোধী শক্তিক থান-বান কৰি দুৰ্বল কৰি পেলাব। প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত নোহোৱা সাধাৰণ মানুহেও এইবোৰ কথা বুজি পায়, অনুভৱ কৰে।

কিন্তু ভূপেন বৰা আৰু তেওঁৰ সংগীসকলে সেই কথাবোৰ অনুধাৱন কৰিব নোৱাৰাতো পৰিতাপৰ কথা। কংগ্ৰেছৰ নেতৃত্ব আৰু বেছি দিনলৈ ভূপেন বৰাৰ হাতত নাথাকিবও পাৰে। দিল্লীৰ হাইকামাণ্ডে ২৬ৰ যুঁজখন গৌৰৱ গগৈক সন্মুখত ৰাখিয়ে যুঁজাৰ পৰিকল্পনা কৰিব।

ৰাজ্যৰ ৰাজনীতিলৈ গৌৰৱ গগৈ এই সাংগাঠনিক নেতৃত্বলৈ অহাৰ পূৰ্বেই যাতে বিৰোধীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টিৰে বিৰোধী শক্তিক দুৰ্বল কৰিবলৈ শাসকীয় বিজেপিয়েও চেষ্টা চলাব। বিৰোধীৰ বাবে নহয়, নিজ দলৰ নেতা কৰ্মীৰ অসন্তুষ্টিৰ বাবে বেকফুটত এতিয়া বিজেপি। সেই ক্ষতিপূৰণ কৰিবলৈ বিজেপিয়ে ন ন কৌশল হাতত ল’ব।

এ আই ইউ ডি এফেও ২০২৬ৰ বাবে টঙালি বান্ধি মূৰ দাঙি উঠিবলৈ চেষ্টা চলাব। বৰ্তমানৰ নেতৃত্বক সলনি কৰি এক ভাৱমূৰ্তি তৈয়াৰৰ বাবে এ আই ইউ ডি এফৰ ভিতৰত সংস্কাৰমুখী ব্যৱস্থা ইতিমধ্যে বদৰুদ্দিন আজমলে লৈছে।

ধুবুৰীত আজমলৰ পৰাজয় অসমৰ ৰাজনীতিৰ বাবে এক ডাঙৰ শিক্ষা। যি শিক্ষা এ আই ইউ ডি এফে লাভ কৰাৰ পাছত সংখ্যালঘুৰ সেই ভোটবেংক পুনৰ যাতে নিজৰ হাতলৈ আনিব পাৰি তাৰ প্ৰচেষ্টাত ব্ৰতী আজমল।

প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে আজমলক সেই সংখ্যালঘু ভোটবেংক উদ্ধাৰত বিজেপিয়ে সহায় কৰিব। তেনে নকৰিলে ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ পক্ষত এই সংখ্যালঘু ভোটাৰসকলে অৱস্থান ল’লে বিজেপিৰ বাবে হ’ব বিপদজনক।

লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁৰ মতে- ‘ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰোতে আমি বহুবোৰ দিশ লক্ষ্য কৰিব লাগিব। দিল্লী আৰু দিছপুৰত বিজেপি থকাৰ পাছতো তেওঁলোকে লোকসভা নিৰ্বাচনত ১১টা সমষ্টিতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

সেই একে ৰণকৌশলেৰে আমি সঠিক সিদ্ধান্তৰে এৰা-ধৰা কৰিলে এই লোকসভা নিৰ্বাচনত আমাৰ আৰু দুই এখন আসন বাঢ়িল হয়। ৰাজনৈতিক মিত্ৰতা আৰু ঐক্যৱদ্ধতা ৰক্ষা কৰি আমি এই যুঁজখন আগুৱাই নিব লাগিব। প্ৰথমে বিজেপিক শাসনৰ পৰা উফৰাই লওঁ আহক, তাৰ পাছত দলীয় বিস্তাৰ আৰু ক্ষমতাৰ কথাবোৰ আমি চিন্তা কৰিম।‘

তেনে এক দৃষ্টিভংগীৰে বিৰোধী মিত্ৰজোঁট আগবঢ়াতো বিচাৰে পৰিৱৰ্তনকামী অসমৰ ৰাইজে। নহ’লে এই ৰাজনৈতিক যুঁজখনত ভূপেন বৰাৰ নেতাসকলৰ দৰে গছ কঠাঁল ওঠত তেল, নৌ খাওঁতেই চেল বেল হৈ পৰিব...

দিছপুৰলৈ এতিয়াও বহুদূৰ...
চিকিৎসকৰ পদত্যাগৰ জোৱাৰ, কি হ'ব জনতাৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in