প্ৰতিদিনে এমুঠি চুলি সৰে নেকি?

প্ৰতিদিনে এমুঠি চুলি সৰে নেকি?
Published on
Updated on

কঁকালৈকে পৰা একোছা দীঘল চুলি কোনে নিবিচাৰে! কিন্তু বৰ্তমান সময়ত সেই চুলিকোছাৰ গৰাকী হোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। বিভিন্ন কাৰণবশত পুৰুষ-মহিলা উভয়ে চুলি সৰা,ফটা,টকৌ খোৱাৰ লগতে কম বয়সতে চুলি পকাৰ দৰে সমস্যাৰ সন্মুখীন হৈছে। ডাৰ্মাট'লোজিষ্ট, ট্ৰিকোল'জিষ্ট,পাৰ্লাৰত বহু দামী স্পায়ো এই সমস্যা সমূহৰ সমাধা উলিয়াব পৰা নাই। কিন্তু ঘৰতে কিছুমান উপায় অৱলম্বন কৰি এনে সমস্যা সমূহৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰি। চুলিৰ বিভিন্ন সমস্যাৰ সমাধান সন্দৰ্ভত চয়নিকা শইকীয়াৰ এই প্ৰতিবেদন...

নাৰীৰ শুৱনি হেনো চুলি। আমাৰ চুলিকোছা কেৱল সৌন্দৰ্য্যৰ প্ৰতীকেই নহয়,ই আমাক মানসিক আনন্দও দিয়ে। পুৰুষ-মহিলা উভয়ে নিজৰ চুলিখিনিৰ প্ৰতি অতি সচেতন ৷ সকলোৱে নিজৰ সৌন্দৰ্য অটুট ৰাখিবলৈ ঘন চুলি বিচাৰে ৷ কিন্তু এই ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হয় মাত্ৰ দুই-এজনে ৷ কাৰণ বৰ্তমান সময়ত চুলি সৰাটো এক ডাঙৰ সমস্যাৰূপে চিহ্নিত হৈছে।

আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি পিত্ত আৰু বাত দোষৰ বাবে চুলিৰ নানান সমস্যা যেনে- চুলি অকালতে পকা, চুলি সৰা, টকৈৗৱে খোৱা আদি সমস্যাই দেখা দিয়ে। তদুপৰি মানসিক চাপ,পুষ্টিকৰ উপাদান যেনে- ভিটামিন B, ভিটামিন C, কপাৰ, আইৰণ, জিংক, ফলিক এচিড আদিৰ অভাৱ, ধূমপান, ধূলি, দীৰ্ঘদিন ধৰি মেলেৰিয়া জ্বৰ, টাইফইড, পেটৰ অসুখ আদিত ভূগি থকা ইত্যাদি কাৰণৰ ফলত চুলিৰ নানান সমস্যা পৰিলক্ষিত হয়।

চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে পাৰ্লাৰত হাজাৰ হাজাৰ টকা খৰছ কৰে। ইয়াৰোপৰি বজাৰত উপলব্ধ বিভিন্ন ৰাসায়নিক দ্ৰব্য, ঔষধ চুলিখিনিত ব্যৱহাৰ কৰে। কিন্তু সুফল নাপায়। বৰঞ্চ কোনো কোনো সময়ত ইয়াৰ ওলোটা প্ৰভাৱো দেখা যায়। কিন্তু তেনে নকৰি আমি বহু প্ৰকৃতিত উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰি চুলি খিনি ভালে ৰাখিব পাৰো। তেনে কিছুমান সামগ্ৰী হৈছে- পিঁয়াজ, এল'ভেৰা, জবা ফুল....

পিঁয়াজ হৈছে চুলিৰ বাবে মহৌষধ। পিঁয়াজত পোৱা ছালফাৰে চুলি ছিঙি যোৱা আৰু পাতল হোৱা প্ৰতিহত কৰাত সহায় কৰে। চুলিত সঘনাই পিঁয়াজৰ ৰস ব্যৱহাৰ কৰিলে চুলিৰ মানদণ্ড উন্নত হয়। পিঁয়াজে চুলিৰ ৰং প্ৰাকৃতিকভাৱে ক’লা কৰাতো সহায় কৰে।

পিঁয়াজত পোৱা অক্সিডেণ্টে মূৰৰ ছালৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াক প্ৰয়োগ কৰিলে আপুনি মূৰৰ ছাল সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান লাভ কৰিব। পিঁয়াজৰ ৰসে মূৰৰ ছালৰ পিএইচ স্তৰ সন্তুলিত কৰাতো সহায় কৰে।

যদি আপুনি দীঘল চুলি বিচাৰে, ব্যয়বহুল সামগ্ৰীৰ সলনি আপোনাৰ চুলিৰ যত্নৰ ৰুটিনত পিঁয়াজ অন্তৰ্ভুক্ত কৰিব পাৰে। পিঁয়াজৰ ৰসে চুলিৰ বিকাশত সহায় কৰে। সেয়েহে, পিঁয়াজ  চুলি বৃদ্ধিৰ বাবে এক সহজ আৰু প্ৰাকৃতিক উপায়। পিঁয়াজত বায়’টিন নামৰ পুষ্টি থাকে, যিয়ে আপোনাৰ চুলি শক্তিশালী আৰু স্বাস্থ্যৱান ৰখাত সহায় কৰে। ই চুলি সৰাও প্ৰতিৰোধ কৰে। লগতে মূৰত পিঁয়াজৰ ৰস প্ৰয়োগ কৰিলে ৰক্ত সঞ্চালন উন্নত হয়।

চুলিৰ বাবে এল’ভেৰা অতি উপকাৰী। এল’ভেৰা হৈছে ঔষধি গুণ থকা উদ্ভিদ। ইয়াৰ ব্যৱহাৰে ছালক নতুন প্ৰাণ দিয়ে।এল’ভেৰা ছালৰ লগতে চুলিৰ বাবেও খুবেই উপকাৰী। এল’ভেৰাই আপোনাৰ চুলিকো আকৰ্ষণীয় কৰিব পাৰে।চুলিত এল’ভেৰা প্ৰয়োগ কৰাৰ ফলত চুলি শক্তিশালী আৰু বিকাশ দ্ৰুততৰ হয়।

এল’ভেৰাই মূৰৰ ছালখনক পুষ্টি প্ৰদান কৰে, যিয়ে চুলি সৰা বন্ধ কৰে। সপ্তাহৰ ৩ দিন এল’ভেৰা লগালে চুলি সৰা সমস্যাৰ পৰা মুক্তি পাব পাৰি।

এল’ভেৰা জেল লগালে মূৰৰ ছালত তেজৰ সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত চুলি মজবুত হয়। যদি আপোনাৰ চুলি পাতল আৰু নিৰ্জীৱ হৈ পৰিছে, তেন্তে এল’ভেৰা জেল প্ৰয়োগ কৰিব পাৰে, সপ্তাহত ২ দিন প্ৰয়োগ কৰিব পাৰে।

এল’ভেৰাৰ পৰা তৈয়াৰ কৰা এটা প্ৰাকৃতিক মাস্ক প্ৰয়োগ কৰি আপোনাক দীঘল আৰু ক’লা চুলিৰ গৰাকী হ’ব পাৰে।এই মাস্ক তৈয়াৰ কৰিবলৈ আপুনি কণীৰ বগা অংশ এল’ভেৰা জেলত মিহলি কৰিব। তদুপৰি, জ’জ’বা তেল আৰু মেথি গুটিৰ সৈতে সামান্য পৰিমাণৰ মৌ মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পাৰে। এঘণ্টা ৰখাৰ পিছত চুলিখিনি চেম্পুৰে ধুই পেলাব। ই চুলি দ্ৰুতগতিত দীঘল হোৱাত সহায় কৰিব।

আপুনি এল’ভেৰাৰ সৈতে আমলখি ব্যৱহাৰ কৰি চুলি দীঘল আৰু ঘন কৰিব  পাৰে। এল’ভেৰা জেলত আমলখিৰ ৰস মিহলি কৰি চুলি ২০ মিনিটৰ বাবে প্ৰয়োগ কৰি পিছত ভালদৰে ধুই পেলাব।এই ঘৰুৱা প্ৰতিকাৰবোৰে আপোনাৰ চুলি শক্তিশালী আৰু ধুনীয়া কৰাত সহায় কৰিব।

অকালতে চুলি পকিলে বা চুলি সৰিবলৈ ধৰিলে বিভিন্নজনে ভিন ভিন হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰে৷ কিন্তু, জানি আচৰিত হ’ব যে সকলোৰে পৰিচিত জবা ফুল চুলিৰ বাবে উপকাৰী৷ জবা ফুলৰ লগতে ইয়াৰ পাত ব্যৱহাৰ কৰি চুলি সৰা আৰু  অকালতে চুলি পকা বন্ধ কৰিব পৰা যায়৷ জবা ফুল আৰু ইয়াৰ পাত চুলিৰ বাবে ইমানেই উপকাৰী যে ভাৰতীয় আয়ুৰ্বেদিক শাস্ত্ৰত চুলিৰ যতন লোৱাৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰৰ বিষয়ে বিশেষভাৱে উল্লেখ আছে৷

জবা ফুলৰ পাতে প্ৰাকৃতিকভাৱে ক’লাজেনৰ উৎপাদন বঢ়োৱাত সহায় কৰে৷ জবা ফুলত থকা ভিটামিন ‘চি’য়ে শৰীৰত ক’লাজেনৰ মাত্ৰা বৃদ্ধি কৰে৷ ক’লাজেনত থকা এমিনো এচিডে চুলি বৃদ্ধি কৰাৰ লগতে মজবুত কৰে৷ 

জবা ফুল আৰু ইয়াৰ পাতে প্ৰদাহ কমায়৷ যদি চুলিৰ গুৰিত খজুৱতি, জ্বলা-পোৰা অথবা অস্বস্তি বাঢ়ে, তেন্তে জবা ফুল বা জবা ফুলৰ পাত ব্যৱহাৰ কৰিব পাৰে৷ জবা ফুলত থকা বিটা কেৰোটিন নামৰ উপাদান বিধে চুলিৰ গুৰিত সুৰক্ষা স্তৰৰ সৃষ্টি কৰে৷ তদুপৰি ই স্কাল্পৰ আদ্ৰৰ্তা বজাই ৰখাত সহায় কৰে৷

জবা ফুল আৰু জবাফুলৰ পাতক প্ৰাকৃতিক কণ্ডিছনাৰ বুলিও কোৱা হয়৷ জবা ফুলৰ হেয়াৰপেক প্ৰস্তুত কৰি চুলি আৰু স্কাল্পত লগালে উপকাৰ পোৱা যায়৷ 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, মানুহে আহাৰৰ প্ৰতিও মনোযোগ দিয়া উচিত। অত্যাধিক ভজা আৰু মচলাযুক্ত খাদ্যৰ বিপৰীতে পুষ্টিকৰ খাদ্য, সেউজীয়া পাচলি আৰু ফল খোৱা উচিত। লগতে, যিসকল লোক মানসিক চাপত ভূগি থাকে, তেওঁলোক চুলি সৰা সমস্যাৰ সন্মুখীন হয়। সেয়ে সকলোৱে যোগৰ সহায়ত মনশান্ত কৰি ৰখাৰ চেষ্টা কৰিব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in