অতিপাত ডেঞ্জাৰ: অভেৰীৰ কেঞ্চাৰ…

অতিপাত ডেঞ্জাৰ: অভেৰীৰ কেঞ্চাৰ…
Published on
Updated on

ডিম্বাশয় বা অভেৰিৰ কৰ্কট ৰোগ হৈছে বিশ্বৰ ভিতৰতে হোৱা মহিলাৰ তৃতীয় সৰ্বাধিক কৰ্কট ৰোগ ৷ সেয়ে প্ৰতিবছৰে সমগ্ৰ বিশ্বতে এই বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব ডিম্বাশয়ৰ কৰ্কট ৰোগ দিৱস পালন কৰা হয় ৷ মহিলাৰ ডিম্বাশয়ত হোৱা এটা সাধাৰণ চিষ্ট বা টিউমাৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে। অভেৰিয়ান চিষ্টৰ কিছুমান প্ৰাৰম্ভিক লক্ষণ তথা এই বিষয়ত লবলগীয়া সজাগতা সন্দৰ্ভত প্ৰতিদিন ডিজিটেলত চয়নিকা শইকীয়াৰ এই প্ৰতিবেদন...

মহিলাৰ প্ৰজনন তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে ডিম্বাশয় বা অভেৰী ৷ মহিলাৰ শৰীৰত দুটা ডিম্বাশয় থাকে। ঋতুস্ৰাৱৰ পৰা গৰ্ভাৱস্থালৈকে সকলো প্ৰক্ৰিয়াতে এই অংগটোৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ সেয়ে এই অংগ সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। কিন্তু কিছুমান কাৰণত ডিম্বাশয়ত সমস্যাৰ সৃষ্টি হয়। আটাইতকৈ সাধাৰণটো সমস্যাটো হৈছে অভেৰিয়ান চিষ্ট ৷

প্ৰতিটো চিষ্টে সমস্যাৰ সৃষ্টি নকৰে যদিও কিছুমান প্ৰকাৰৰ চিষ্ট পৰৱৰ্তী সময়ত টিউমাৰলৈ ৰূপান্তৰ হয়। এই টিউমাৰ সমূহৰ কিছুমানত কেন্সাৰৰ কোষবোৰ বৃদ্ধি হয়। যিয়ে বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ সেয়ে ডিম্বাশয়ৰ সমস্যাত ভূগিলে ইয়াক আওকাণ নকৰি চিকিৎসকৰ পৰামৰ্শ লব লাগে। চিকিৎসকৰ সহায় অবিহনে বেছিভাগ চিষ্ট ধৰা পেলোৱাটো অতি কঠিন।

কিন্তু কোনো ৰোগ যদি প্ৰাৰম্ভিক অৱস্থাত ধৰা পৰে তেন্তে ইয়াৰ চিকিৎসা সহজ হৈ পৰে।ৰোগৰ অগ্ৰগতি বন্ধ হোৱাৰ সম্ভাৱনা বেছি হয় ৷ সেয়ে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰাটো অতি প্ৰয়োজনীয় ৷ ডিম্বাশয়ৰ চিষ্ট আৰু টিউমাৰৰ কিছু লক্ষণ এনেধৰণৰ-

মাহেকীয়াৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ বা মাহেকীয়াৰ পিছত কম ৰক্তক্ষৰণ হোৱাটো অস্বাভাৱিক ৰক্তক্ষৰণৰ লক্ষণ ৷ ইয়াৰ উপৰিও মাহেকীয়াৰ মাজত স্পটিং হোৱাটোও অভেৰিয়ান চিষ্টৰ লক্ষণ হ’ব পাৰে ৷ যৌন সম্পৰ্কৰ সময়ত অধিক ৰক্তক্ষৰণ হোৱাটো অস্বাভাৱিক, যিটো ডিম্বাশয়ৰ চিষ্টৰ লক্ষণ ৷

শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ সময়ত বিষ অনুভৱ কৰাটো অভেৰিয়ান চিষ্টৰ লক্ষণ হ’ব পাৰে ৷ অৱশ্যে ইয়াৰ আন বহু কাৰণ থাকিব পাৰে যদিও চিষ্টো ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে ৷

একেৰাহে কেইদিনমান শ্ৰোণীত বিষ (Pelvic pain)অনুভৱ কৰিলে বা গধুৰ অনুভৱ হ'লে এয়াও ডিম্বাশয়ৰ চিষ্টৰ এক লক্ষণ ৷ ইয়াৰ মাজতে শ্ৰোণীৰ বিষ অধিক তীব্ৰ বা মৃদু হ’ব পাৰে ৷ কেতিয়াবা এই বিষ অবিৰতভাৱে নহ’বও পাৰে কিন্তু কম সময়ৰ ব্যৱধানত হ’ব পাৰে ৷

বহু সময়ত চিষ্টৰ থকাৰ ফলত পেট ফুলা যেন অনুভৱ হয় ৷ যদি আপোনাৰ লগত কেইবাদিনো এই সমস্যা হৈ থাকে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ডিম্বাশয়ৰ চিষ্টে প্ৰজনন অংগসমূহৰ কাৰ্যকলাপত বাধাৰ সৃষ্টি কৰিব পাৰে, যাৰ বাবে কেতিয়াবা গৰ্ভধাৰণত সমস্যাও হ’ব পাৰে ৷ গতিকে এনে কোনো সমস্যাৰ সন্মুখীন হ’লে চিকিৎসকৰ কাষ চাপিব লাগে।

এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰা পোৱা তথ্য অনুসৰি, সাধাৰণতে মহিলাসকলে পেটৰ তলৰ অংশত চাপ অনুভৱ কৰাৰ লগতে কম-বেছি পৰিমাণে বিষ অনুভৱ কৰে ৷ পেটৰ তলৰ অংশত অস্বস্তি বা ঋতুস্ৰাৱৰ সময়ত বা কেতিয়াবা ৰজোনিবৃত্তিৰ পিছতো ৰক্তক্ষৰণ হয় ৷ ইয়াৰ সৈতে জড়িত যিকোনো সমস্যাত ভূগিলে চিকিৎসকৰ পৰামৰ্শ লব লাগে ৷

এই সমস্যা সমূহ অধিকাংশ মহিলাৰ ক্ষেত্ৰত দেখা পোৱা যায় লগতে অসাৱধানতাৰ ফলত বহু মহিলাই কষ্ট ভূগিবলগীয়া হয় ৷ সেয়ে প্ৰজনন তন্ত্ৰৰ লগত জড়িত গুৰুতৰ সমস্যা আৰু ৰোগৰ চিকিৎসা লোৱাত মহিলাসকলে পলম কৰিব নালাগে ৷ সাধাৰণ এটা চিষ্টৰ পৰা মহিলা সকল ডিম্বাশয়ৰ কৰ্কট ৰোগতো আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ কাৰণসমূহ বংশবৃদ্ধি, বাৰ্ধক্য, মেদবহুলতা বা অতিৰিক্ত ওজন, পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম আৰু হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী ইত্যাদি ৷

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সাধাৰণতে খাদ্য আৰু জীৱনশৈলীটো সামান্য পৰিৱৰ্তন কৰি ডিম্বাশয়ৰ চিষ্টৰ পৰা হাত সাৰিব পাৰি। মহিলা সকলে দৈনিক প্ৰাণায়াম আৰু যোগাসনৰ অভ্যাস কৰিব লাগে। খাদ্যৰ ক্ষেত্ৰত আহাৰত প্ৰটিন অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়।

ইয়াৰোপৰি মহিলাসকলে আঁহযুক্ত ফল সেৱন কৰিব লাগে। সেউজীয়া পাতৰ শাক-পাচলি,প্ৰচুৰ পৰিমাণে পানী খাব লাগে। লগতে নিশা সোনকালে শুই পুৱা সোনকালে শুৱা পাতি এৰি খোজ কঢ়া, আসন ইত্যাদি কৰিব লাগে।

যিকোনো ক্ষেত্ৰতে সজাগতা অতি প্ৰয়োজন। মহিলাসকলকো স্বাস্থ্যৰ প্ৰতি সচেতন তথা সজাগ হোৱা উচিত ৷ শৰীৰৰ যিকোনো অস্বাভাৱিক আৰু স্থায়ী লক্ষণক আওকাণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে।

আমি এটা কথা মনত ৰখা উচিত যে, আমাৰ শৰীৰটোত আভ্যন্তৰীণভাৱে কোনো ৰোগে থিতাপি ল'লে বাহ্যিকভাৱে বিভিন্ন লক্ষণে দেখা দিয়ে। সেই লক্ষণসমূহক আওকাণ নকৰি সময়মতে সচেতনতা অৱলম্বন কৰিলে ভৱিষ্যতে হ'ব পৰা ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰি। আমাৰ বহু মহিলাই স্বাস্থ্যক লৈ গা এৰা মনোভাৱ পোষণ কৰে যদিও, অসমীয়াত এষাৰ কথা আছে- দেহা থাকিলেহে বেহা

অতিপাত ডেঞ্জাৰ: অভেৰীৰ কেঞ্চাৰ…
লক্ষ্য যদি স্থিৰ হয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in