ডিজিটেল ডেস্কঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূৱ আৰু দক্ষিণ প্রান্তত অহা ২৫ আগষ্টলৈ ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অৰেঞ্জ এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্রভাৱত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
আনহাতে নেৰানেপেৰা বৰষুণৰ বাবে বুধবাৰে ত্ৰিপুৰাৰ খোৱাই আৰু ধালাই জিলা প্রশাসনে জিলা দুখনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বন্ধ ঘোষণা কৰিছে। বতৰ বিজ্ঞান বিভাগে পশ্চিম ত্ৰিপুৰাৰ খোৱাই জিলাত মুষলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত নির্দিষ্ট সময়ৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। শেহতীয়া ২৪ ঘণ্টাত পশ্চিম ত্ৰিপুৰা জিলাৰ আগৰতলা বিমান বন্দৰত সর্বোচ্চ ৯৯ দশমিক ৫ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে।
একেদৰে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাকে ধৰি দেশৰ পূব অংশতো পৰৱৰ্তী কেইদিনমানত প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে।
আনহাতে অসমৰো কেইবাখনো জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ৰাজ্যখনৰ ৫খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আৰু ২০খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া এলাৰ্ট। ধুবুৰী, কোকৰাঝাৰ, হোজাই, ডিমা হাচাও আৰু কাছাৰ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত হ’ব অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, বাক্সা, কামৰূপ(মহানগৰ), কামৰূপ(গ্ৰাম্য), মৰিগাঁও, পশ্চিম কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে হালধীয়া এলাৰ্ট জাৰি কৰিছে। ইয়াৰোপৰি নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাতো বতৰ বিজ্ঞান বিভাগে হালধীয়া এলাৰ্ট জাৰি কৰিছে। হালধীয়া এলাৰ্ট জাৰি কৰা জিলাসমূহত হ’ব ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
Also Read: খিলঞ্জীয়া অসমীয়াৰ ওপৰত শক্তি প্ৰদৰ্শন নকৰিবলৈ সকিয়নী প্ৰদান তিনিচুকীয়াৰ জাতীয় সংগঠনৰ