৫৩দিন আছিল জেলত! মোডী চৰকাৰৰ 'কিং মেকাৰ' চন্দ্ৰবাবু নাইডুৱে আজি মুখ্যমন্ত্ৰী হিচাপে ল'ব শপত...

৫৩দিন আছিল জেলত! মোডী চৰকাৰৰ 'কিং মেকাৰ' চন্দ্ৰবাবু নাইডুৱে আজি মুখ্যমন্ত্ৰী হিচাপে ল'ব শপত...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব টি ডি পিৰ অধ্যক্ষ চন্দ্ৰবাবু নাইডুৱে। অন্ধ্ৰৰ মুখ্যমন্ত্ৰী হিচাপে চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰিব নাইডুৱে। আজি পুৱা ১১.২৭বজাত কেছৰপল্লী আইটি পাৰ্কত ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাব নাইডুক।

উল্লেখ কৰা প্ৰয়োজন যে, ১৯৭৮চনত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল চন্দ্ৰবাবু নাইডু। তেতিয়াৰে পৰা ২০১৯ৰ লৈকে একেৰাহে বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ লগতে মুখ্যমন্ত্ৰীৰ আসনো অলংকৃত কৰিছিল নাইডুৱে। ২০১৪-২০১৯ৰ লৈকে তৃতীয়বাৰৰ বাবে অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল নাইডু।

২০১৯ৰ পাছতে অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত উদয় হয় জগন মোহন ৰেড্ডী। ৰেড্ডী মুখ্যমন্ত্ৰী হোৱাৰ পাছতে পূৰ্বৰ চৰকাৰৰ কেইবাটাও বিশাল প্ৰকল্পৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। এই তদন্তত দোষী সাব্যস্ত হৈ চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰা হয়। ৰাজমুন্দৰী জেলত চন্দ্ৰবাবু নাইডু ৫৩দিন ধৰি কাৰাবন্দী হৈ আছিল।

এনে উত্থান-পতনৰ মাজেৰে ২০২৪ৰ নিৰ্বাচনত পুনৰ শক্তিশালী হৈ ৰাজনীতিত খোজ দিয়ে চন্দ্ৰবাবু নাইডুৱে। ১৩৫খন বিধানসভাৰ আসন আৰু ১৬টা লোকসভা সমষ্টিত বিজয় সাব্যস্ত কৰে চন্দ্ৰবাবু নাইডুৰ দল টি ডি পিয়ে। বৰ্তমান মোডী চৰকাৰৰ অন্যতম কিংমেকাৰ হিচাপে বিবেচিত হোৱা চন্দ্ৰবাবু নাইডুৱে পৱন কল্যাণৰ দল জে এছ পিৰ সৈতে মিলি অন্ধ্ৰত চৰকাৰ গঠন কৰিছে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰীও উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in