ইণ্ডিগ’ৰ বিৰুদ্ধে ক্ষোভ : বিমান বন্দৰত ১৮ ঘণ্টা আবদ্ধ ৪০০ ভাৰতীয় যাত্ৰী

আন্তৰ্জাতিক বিমান উৰণত বিগত সময়ছোৱাত যথেষ্ট জটিলতাৰ সৃষ্টি হৈ আহিছে। তাৰ মাজতে শুকুৰবাৰে তুৰ্কীয়েৰ ইষ্টানবুল বিমান বন্দৰত প্ৰায় ১৮ ঘণ্টা ধৰি ৪০০ জন ভাৰতীয় যাত্ৰী আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে

author-image
Asomiya Pratidin
New Update
SZVg

ডিজিটেল ডেস্ক : আন্তৰ্জাতিক বিমান উৰণত বিগত সময়ছোৱাত যথেষ্ট জটিলতাৰ সৃষ্টি হৈ আহিছে। তাৰ মাজতে শুকুৰবাৰে তুৰ্কীয়েৰ ইষ্টানবুল বিমান বন্দৰত প্ৰায় ১৮ ঘণ্টা ধৰি ৪০০ জন ভাৰতীয় যাত্ৰী আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

ইয়াৰ বাবে যাত্ৰীসকলে ইণ্ডিগ’ বিমান প্ৰতিষ্ঠানক জগৰীয়া কৰিছে। জানিব পৰা মতে উক্ত নিশা ৮-১০ বজাত ইষ্টানবুল বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হোৱাৰ কথা আছিল ইণ্ডিগ’ৰ এখন বিমান। কিছু সময় পিচতে জনোৱা হয় যে বিমানখন দুপৰীয়া ডেৰবজাত দিল্লীলৈ উৰা মাৰিব।

ইয়াৰ বাবে ইষ্টানবুলৰ পৰা মুম্বাই অভিমুখী এখন বিমানৰ যাত্ৰাও পিচুৱাই দিয়া হয়। এনে পৰিস্থিতিত প্ৰায় ৪০০ জন যাত্ৰী ইষ্টানবুল বিমান বন্দৰতে আবদ্ধ হৈ পৰে।

airport