ডিজিটেল ডেস্ক : সাহিত্য সভাৰ সভাপতি পেনেলৰ তালিকাৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালে অনুৰাধা শৰ্মা পূজাৰীয়ে। সভাপতিৰ নামৰ ৫জনীয়া তালিকাত শৰ্মা পূজাৰীৰ নামো সন্নিৱিষ্ট কৰা হৈছিল। সাহিত্য সভাৰ তৰফৰ পৰা তেওঁলৈ সন্মতি বিচাৰি ১২ নবেম্বৰ ২০২৪ত এখন পত্ৰ দিয়া হৈছিল।
সাহিত্য সভাৰ সভাপতি পেনেলত নাম সন্নিৱিষ্ট পাঁচোগৰাকী বিশিষ্ট সাহিত্যকলৈ সভাই এনে সন্মতি পত্ৰ প্ৰেৰণ কৰিছিল। সেই প্ৰসংগতে ১৪ নবেম্বৰ ২০২৪ত অনুৰাধা শৰ্মা পূজাৰীয়ে এই পেনেলৰ পৰা তেওঁৰ নাম প্ৰত্যাহাৰ কৰিবলৈ সভাৰ প্ৰধান সম্পাদকলৈ ইয়াৰ প্ৰত্যুত্তৰ প্ৰেৰণ কৰে।
প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মালৈ লিখা পত্ৰত শৰ্মা পূজাৰীয়ে লিখে- অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ সভাপতি পদৰ বাবে প্ৰস্তুত কৰা ৫জনীয়া তালিকাত মোৰ নাম প্ৰস্তাৱ কৰাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো।
এই সংক্ৰান্তত বিনম্ৰভাৱে জনাব খুজিছো যে ইতিমধ্যে সংবাদ মাধ্যমযোগে প্ৰকাশিত তালিকা অনুসৰি সভাপতি পদৰ বাবে প্ৰস্তাৱিত আন ৪জন প্ৰাৰ্থী আটাইকেইজনে অসমীয়া ভাষা- সাহিত্যৰ ক্ষেত্ৰখনলৈ যথেষ্ট অৰিহণা যোগোৱা জ্যেষ্ঠ ব্যক্তি। গতিকে ওপৰোক্ত ৪জন ব্যক্তিৰ মাজৰ পৰা এজন ব্যক্তিক নিৰ্বাচনৰ আওতালৈ ননাকৈ সৰ্বসন্মতক্ৰমে মনোনীত কৰিলে আমি অত্যন্ত সুখী হ’ম। যিহেতু মই নিজেও সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়াটোলৈ যাব খোজা নাই, গতিকে, মই মোৰ নাম উক্ত তালিকাখনৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালো।
লগতে তেওঁ এই পত্ৰখনত কেইবাটাও গুৰুত্বপূৰ্ণ কামত ব্যস্ত থকাৰ বাবে সাহিত্য সভাৰ দৰে এটা বৃহৎ জাতীয় অনুষ্ঠানৰ কাম-কাজত যথাযোগ্যভাৱে মনোনিবেশ কৰাত অসুবিধা হ’ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে অনুৰাধা শৰ্মা পূজাৰীৰ লগতে সভাপতিৰ পেনেলৰ তালিকাত নাম থকা ভাষাবিদ ভীমকান্ত বৰুৱায়ো লিখিতভাৱে সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকক অৱগত কৰিছে।
আনহাতে পেলেলত নাম থকা আন ৩গৰাকী সাহিত্যিক ক্ৰমে- ড০ বসন্ত কুমাৰ গোস্বামী, ড০ গোবিন্দ প্ৰসাদ শৰ্মা আৰু ড০ উপেন ৰাভা হাকাচামে সন্মতি জনাই সাহিত্য সভালৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ ফলত সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ এই প্ৰক্ৰিয়া এই ৩গৰাকী সাহিত্যিকৰ মাজতে সীমাবদ্ধ হৈ ৰ’ব।