বিজেপি নেত্ৰী ইন্দ্ৰাণী ফুকন তহবিলদাৰৰ আত্মহত্যাঃ গ্ৰেপ্তাৰ হ'ল অনুৰাগ চলিহা...

বিজেপি নেত্ৰী ইন্দ্ৰাণী ফুকন তহবিলদাৰৰ আত্মহত্যাঃ গ্ৰেপ্তাৰ হ'ল অনুৰাগ চলিহা...
বিজেপি নেত্ৰী ইন্দ্ৰাণী ফুকন তহবিলদাৰৰ আত্মহত্যাঃ গ্ৰেপ্তাৰ হ'ল অনুৰাগ চলিহা...
Published on
Updated on

ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল অনুৰাগ চলিহা। বিজেপি নেত্ৰী ইন্দ্ৰাণী ফুকন তহবিলদাৰৰ আত্মহত্যাৰ পাছতে চৰ্চালৈ আহিছিল অনুৰাগ চলিহা নামৰ ব্যক্তিজন।

তেওঁক আজি ডিমৌৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, গোলাঘাটৰ যুৱক অনুৰাগ চলিহাৰ ইন্দ্ৰাণী ফুকন তহবিলদাৰৰ আত্মহত্যাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে। এইগৰাকী অনুৰাগ চলিহাই বিভিন্নজনৰ পৰা চাকৰি আৰু অন্যান্য কাম দিয়াৰ নামত সংগ্ৰহ কৰিছিল বুজন পৰিমাণৰ ধন।

সেই ধন উভতাই দিব নোৱাৰাৰ বাবেই অভিমন্যু দাস নামৰ এজন লোকে অনুৰাগ চলিহাক মাৰপিট কৰি তেওঁৰ পৰা কাঢ়ি লৈছিল আইফোনটো। এই আইফোনটোতে আছিল অনুৰাগ আৰু ইন্দ্ৰাণীৰ কিছু অন্তৰংগ মুহূৰ্তৰ ফটো আৰু ভিডিঅ'।

ইয়াৰ পাছতে অভিমন্যু দাসে এই ফটো আৰু ভিডিঅ' ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল। আৰু পৰৱৰ্তী সময়ত সেই ফটোবোৰেই ভাইৰেল হৈ পৰিছিল। যাৰ বাবে ইন্দ্ৰাণী ফুকন তহবিলদাৰে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল বুলি চৰ্চা চলিছে।

আৰক্ষীৰ তথ্য অনুসৰি, অনুৰাগক চলিহাৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰেই কিছুদিন পূৰ্বে অভিমন্যু দাসে সামাজিক মাধ্যমত ভাইৰেল কৰে ইন্দ্ৰাণী-অনুৰাগৰ গোপন ফটো।

উল্লেখ্য যে চান্দমাৰি আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত অনুৰাগ চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ইন্দ্ৰাণী ফুকন তহবিলদাৰৰ স্বামী ৰীতেশ তহবিলদাৰে। অৱশ্যে এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই এই কাণ্ডৰ অন্যতম মূল অভিযুক্ত অভিমন্যু দাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in