ডিজিটেল ডেস্ক: বিজ্ঞাপনৰ নামতেই ব্যয় হৈছে ৩ হাজাৰ কোটিতকৈ অধিক টকা। ৰাজ্যসভাত বৃহস্পতিবাৰে এই সন্দৰ্ভত তথ্য দাঙি ধৰা হয়। এই অনুসৰি চৰকাৰে কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ জৰিয়তে যোৱা পাঁচ বছৰত বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ বিজ্ঞাপনত মুঠ ৩,৭২৩.৩৮ কোটি ব্যয় কৰিছে।
এক লিখিত উত্তৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে যোৱা পাঁচ বছৰত বিজ্ঞাপন আৰু প্ৰচাৰৰ ব্যয় বৃদ্ধি হোৱা নাই।
চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৭-১৮ বৰ্ষত বিজ্ঞাপনত ১,২২০.৮৯ কোটি টকা ব্যয় কৰা হৈছিল আনহাতে ২০১৮-১৯ বৰ্ষত ১,১০৬.৮৮ কোটি টকা ব্যয় হৈছিল।এয়া ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বতে আছিল।
ঠাকুৰে কয় যে,"চৰকাৰে ২০১৯-২০ বৰ্ষত ৬২৭.৬৭ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ৩৪৯.০৯ কোটি আৰু ২০২১-২২ বৰ্ষত ২৬৪.৭৮ কোটি টকা ব্যয় কৰিছে।
কংগ্ৰেছ সদস্য চৈয়দ নাছিৰ হুছেইনৰ এক প্ৰশ্নৰ উত্তৰত ঠাকুৰে কয়, "ওপৰোক্ত তথ্য অনুসৰি, যোৱা কেইবছৰমানত বিজ্ঞাপন আৰু প্ৰচাৰৰ ব্যয় বৃদ্ধি হোৱা নাই।"
আৰু পঢ়ক: ড০ শিৱনাথ বৰ্মন