ডিজিটেল ডেস্কঃ অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱা বিদ্যুৎ মাচুলক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজিৰ দিনটোত শক্তি বিভাগে এ পি ডি চি এলে লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে।
উল্লেখ্য যে, ৰাজ্যত শেহতীয়াকৈ ধাৰাবাহিক ভাৱে সৰ্বসাধাৰণ ৰাইজৰ বিদ্যুতৰ বিল বৃদ্ধি হৈ আহিছে। অথচ শক্তি বিভাগ তথা এ পি ডি চি এলে বিদ্যুতৰ মাচুল বৃদ্ধি সম্পৰ্কে কোনো জাননী জাৰি কৰা নাই। এক বিজ্ঞাপনৰ জৰিয়তে বিভাগে অত্যাধিক গৰমৰ বাবে বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰাৰ বাবেই বিল বিছেকৈ অহা বুলি প্ৰকাশ কৰিছে।
আনহাতে বিভাগীয় মন্ত্ৰীয়ে বিদ্যুতৰ বিল অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বিষয়টো সন্দৰ্ভত তেওঁ একো নাজানে বুলি কৈ এই সম্পৰ্কে এখন কমিটী গঠন কৰিব বুলিও প্ৰকাশ কৰিছে। ইয়াৰ মাজতে আজি অসম বিধানসভাত শক্তি বিভাগে আগবঢ়াইছে এক বিশেষ তথ্য।
এই তথ্য অনুসৰি পূৰ্বে লোকচানৰ সন্মুখীন হোৱা এ পি ডি চি এলে এতিয়া লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। শক্তি বিভাগে প্ৰকাশ কৰা অনুসৰি অসমত দৈনিক সৰ্বোচ্চ ২৪০০ মেগাৱাট বিদ্যুতৰ প্রয়োজন হয়।
ইয়াৰ বিপৰীতে অসমৰ দৈনিক গড় বিদ্যুৎ উৎপাদন হয় মাত্র ৩৫০ মেগাৱাট। ফলশ্ৰুতিত অসমে দৈনিক চাহিদাৰ ২০০০ মেগাৱাট বিদ্যুৎ বাহিৰৰ পৰা ক্রয় কৰে। ইয়াৰ উপৰিও শক্তি বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৬-১৭ত অসমে বাহিৰৰ পৰা প্রতি ইউনিট বিদ্যুৎ ৪.০৫ টকাত ক্রয় কৰিছিল। কিন্তু এতিয়া প্ৰতি ইউনিট বিদ্যুৎ ৫.১৩ টকাত ক্ৰয় কৰিছে।
২০১৬ চনত এ পি ডি চি এলে ৩৩৯৮.০৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। ২০২০ চনত এই লোকচানৰ পৰিমাণ বৃদ্ধি হয় ২৯,২৪২.১৭ কোটি টকা। কিন্তু এইবাৰ এ পি ডি চি এলে ৩৩,৬৩৫.১৯ কোটি টকা লাভৰ সন্মুখীন হৈছে।
শক্তি বিভাগে অসম বিধানসভাত এই তথ্য দাখিল কৰাৰ পিছতে এতিয়া চৰ্চা হৈছে, উপভোক্তাৰ পৰা অত্যাধিক মাচুল আদায় কৰি লোকচানৰ সন্মুখীন হোৱা এ পি ডি চি এলক এতিয়া লাভৰ মুখ দেখুৱাবলৈ চেষ্টা কৰা হৈছে নেকি?
২০২০ ত ২৯,২৪২.১৭ কোটি টকাৰ লোকচানত ভূগি থকা এ পি ডি চি এলে হঠাৎ কিদৰে ৩৩,৬৩৫.১৯ কোটি টকাৰ লাভৰ মুখ দেখিবলৈ সক্ষম হ'ল? ইয়াৰ আঁৰতেই লোকাই আছেনেকি ধাৰাবাহিক ভাৱে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰকৃত ৰহস্য?