ডিজিটেল ডেস্কঃ বিশ্বৰ তথ্য, প্ৰযুক্তি তথা ডিজিটেলৰ জগতখনত ভাৰতৰ ভূমিকা শেহতীয়াকৈ লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান এপলেও তেওঁলোকৰ সামগ্ৰী প্ৰস্তুত তথা উতপাদনৰ বাবে বাবে অন্যতম এটা কেন্দ্ৰ হিচাপে গণ্য কৰিছে ভাৰতক। যাৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় দুটা বৰ্ষতে ভাৰতৰ পৰাই বিশ্বৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হৈছে এপলৰ বহু সামগ্ৰী। তাৰ ভিতৰত অন্যতম হৈছে আইফোন। অতি শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি, ২০২৩-২৪বৰ্ষত আমেৰিকাক চেৰাই ভাৰতৰ পৰাই আইফোন-১৬ বিশ্বৰ ভিন্ন প্ৰান্তলৈ সৰ্বাধিক ৰপ্তানি কৰি এক অভিলেখ সৃষ্টি কৰিছে।
তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ পৰা লাভ কৰা সহযোগিতাৰ ভিত্তিতে এপলে এই ক্ষেত্ৰখনত ভাৰতত আৰু এখোজ আগুৱাৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, এপলে ভাৰতৰ এটা সম্পূৰ্ণ নতুন মালিকানাধীন সহযোগী কোম্পানী প্ৰতিষ্ঠা কৰিব। যাৰ নাম ৰখা হ'ব-এপল অপাৰেশ্যন ইণ্ডিয়া।
এই 'এপল অপাৰেশ্যন ইণ্ডিয়া' নামৰ সহযোগী প্ৰতিষ্ঠানটোৰ জৰিয়তে এপলে তেওঁলোকৰ সকলো ডিভাইজৰ হাৰ্ডৱেৰ ডেভেলপমেন্টৰ সন্দৰ্ভত গৱেষণা কৰিব। ইয়াৰ লগতে এতিয়ালৈকে তেওঁলোকে প্ৰস্তুত কৰা সকলো আইফোনৰ সুবিধা আৰু অসুবিধাৰ সন্দৰ্ভত নতুন দৃষ্টিভংগীৰে গৱেষণা কৰিব বুলিও ঘোষণা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, এপলে এইদৰে গৱেষণা আৰু হাৰ্ডৱেৰ ডেভেলপমেন্টৰ কাম পূৰ্বতে কৰি আহিছিল আমেৰিকা, চীন, জাৰ্মানী আৰু ইজৰাইলত। এই দেশকেইখনৰ পাছতে এপলে গৱেষণাৰ বাবে পঞ্চমখন দেশ হিচাপে বাচি লৈছে ভাৰতক। এই গৱেষণা কেন্দ্ৰই সফলতাৰে সকলোখিনি কাম কৰিলে আগন্তুক দিনত ভাৰতীয় লোকৰ উপযোগী হোৱাকৈ আইফোনৰ লগতে এপলৰ সকলো সামগ্ৰীতে ন ন সুবিধা উপলদ্ধ হোৱাৰ অৱকাশ আছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ বিগত প্ৰায় এটা দশকত ভাৰতৰ স্মাৰ্টফোনৰ পৰা আদি কৰি এপলৰ সামগ্ৰী ব্যৱহাৰ কৰা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বৰ্ধিত এই বজাৰখনৰ ওপৰত লক্ষ্য ৰাখিয়েই হয়তো এপলে অধিক দিছে ভাৰতক।